চিদাম্বৰমৰ প্ৰত্যুত্তৰ, “মমতা বেনাৰ্জীয়ে কেৱল ‘বংগ লেঞ্চেৰে’ দেশখন চাইছে”!

P Chidambaram on Mamata Banerjee

কংগ্ৰেছৰ বাবেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অধিক শক্তিশালী হ’ব বুলি মমতা বেনাৰ্জীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিছে কংগ্ৰেছৰ জেষ্ঠ নেতা পি চিদাম্বৰমে।

উল্লেখ্য যে মমতা বেনাৰ্জীয়ে দেশৰ ৰাজনীতিৰ ক্ষেত্ৰতপুৰণি দলটো গুৰুত্বপূৰ্ণ নহয় বুলিও কংগ্ৰেছক কটাক্ষ কৰিছিল।

জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰমে ইয়াৰ প্ৰত্যুত্তৰত কয় যে পশ্চিম বংগৰ মুখ্যমন্ত্ৰীয়ে “বেংগল লেন্স”ৰ জৰিয়তে দেশখনলৈ চাই আছে।

“কংগ্ৰেছ হৈছে একমাত্ৰ দল যি সমগ্ৰ ভাৰততে শ্ৰী নৰেন্দ্ৰ মোডী আৰু তেওঁৰ চৰকাৰৰ বিৰুদ্ধে যুঁজ দি আছে। মই সমগ্ৰ ভাৰতকে ৰেখাঙ্কিত কৰিছো। মই অস্বীকাৰ নকৰোঁ যে শ্ৰীমতী মমতা বেনাৰ্জীয়ে বংগত কঠিন যুঁজত যুঁজি জয়ী হৈছিল। কিন্তু পঞ্জাৱ, হাৰিয়ানা, মহাৰাষ্ট্ৰ, গুজৰাট, তামিলনাডু, কেৰালা, কৰ্ণাটক, অসমত শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কোনে যুঁজ দি আছে? এইয়া কেৱল কংগ্ৰেছ দলে কৰি আছে। তেওঁ দেশৰ ৰাজনীতিক ‘বেংগল লেন্সৰ’ দ্বৰা চাই আছে।”- গোৱা বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছৰ বিশেষ পৰ্যবেক্ষকৰ দায়িত্বত থকা চিদাম্বৰমে কয়।

তেওঁ লগতে কয়, “কিন্তু যদি বংগতকৈ সৰ্বভাৰতীয় পৰ্যায়লৈ চাই, ৩০ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰতিদিনে শ্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে যুঁজ দি থকা দলটোলৈ লক্ষ্য কৰে এয়া কেৱল কংগ্ৰেছ দল।”

তৃণমূল কংগ্ৰেছৰ আগমনে গোৱাত কংগ্ৰেছৰ সম্ভাৱনাক ক্ষতি কৰিব নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “মই নাজানো তেওঁলোকৰ উদ্দেশ্য কি কিন্তু মই নিশ্চিত যে গোৱাৰ ৰাইজে জানে যে কংগ্ৰেছে অকলে গোৱাত পৰিৱৰ্তন আনিব পাৰে।”

তেওঁ লগতে কয় যে কংগ্ৰেছ দলে ৩ নৱেম্বৰত উত্তৰ গোৱাৰ মাপুচাত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিব।

বিজেপি চৰকাৰে দেওবাৰে অভূতপূৰ্ব স্তৰত উপনীত হোৱা ইন্ধনৰ মূল্য আৰু অধিক বৃদ্ধি কৰি দেশৰ জনসাধাৰণক এক অসাধাৰণ দেৱালী উপহাৰ প্ৰদান কৰিছে বুলি মন্তব্য কৰে কংগ্ৰেছৰ শীৰ্ষ নেতাজনে।