মাৰ্ঘেৰিটাৰ পাৱৈত প্ৰাতঃকৰ্ম কৰিবলৈ যোৱা যুৱকক হানি-খুঁচি হত্যা

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত পাৱৈত কিছুদিন পূৰ্বে সংঘটিত এটা হত্যাকাণ্ডৰ ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌ যাওঁতেই বুধবাৰে পুনৰ সংঘটিত হ’ল এক লোমহৰ্ষক হত্যাকাণ্ড।

এইবাৰ মাৰ্ঘেৰিটাৰ আৰক্ষী থানাৰ অন্তৰ্গত পাৱৈ চাহ বাগিচাৰ সমীপৰ আগবন্ধাৰা ২০ নম্বৰ বস্তি লাইনত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। পুৱা প্ৰাতঃকৰ্ম কৰিবলৈ যোৱা এজন যুৱকক অতি নৃশংসভাৱে হত্যা কৰা অভিযোগ উঠিছে বাগিচাখনৰ চকীদাৰৰ বিৰুদ্ধে৷

প্ৰাপ্ত তথ্য অনুসৰি, দিন হাজিৰা কৰি চলি অহা অঞ্চলটোৰ ৰাম ভূমিজ (২৬) নামৰ যুৱকজনৰ ককায়েকৰ বৃক্কজনিত ৰোগত মংগলবাৰে বিয়লি মৃত্যু ঘটে। সন্ধিয়া মৃতদেহ সৎকাৰ কৰাৰ পিছত পিছদিনা পুৱা তেওঁ ঘৰত শৌচালয় নথকাত প্ৰাতঃকৰ্ম কৰিবলৈ বুলি ঘৰৰ কাষতে লাগি থকা চাহ বাগিচালৈ ওলাই যায়।

কিন্তু প্ৰাতঃকৰ্ম কৰিবলৈ গৈ আৰু উভতি নাহিল ৰাম৷ বাগিচাখনত পহৰাৰ দায়িত্বত থকা তিনিজনকৈ চকীদাৰে অতি নৃশংসভাৱে ৰামক হানি-খুঁচি হত্যা কৰি কাষৰ এটা পুখুৰীত পেলাই দিয়াৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকে।

এই সমগ্ৰ ঘটনাটো প্ৰত্যক্ষ কৰে স্থানীয় এগৰাকী ১১ বছৰীয়া কিশোৰীয়ে। কিশোৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া মতে, হত্যাকাৰী কেইজন হ’ল পাৱৈ চাহ বাগিচাৰ চকীদাৰ হিচাপে কৰ্মৰত স্বনা খাৰিয়া, জেমস ত্বপ্প আৰু অলি তাঁতী৷

হত্যাৰ প্ৰকৃত কাৰণ বাতৰি লেখা সময়লৈকে জানিব পৰা হোৱা নাই যদিও মাৰ্ঘেৰিটা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। অৱশ্যে বৰ্তমানলৈকে এই সন্দৰ্ভত এজনকো আটক কৰা হোৱা নাই।

স্থানীয় ৰাইজে হত্যাকাণ্ডৰ লগত জড়িত বুলি অভিযোগ উঠা ব্যক্তি কেইজনক অনতিপলমে গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন কৰিছে।