NORTHEAST NOW (Assamese)

ই-ৰিক্সা চালকক হত্যা, অৱশেষত গ্ৰেপ্তাৰ হত্যাকাৰী

October 24, 2023 1:20 pm · এন ই নাও নিউজ, গুৱাহাটী

গুৱাহাটীৰ হেঙৰাবাৰীত ই-ৰিক্সা চালকৰ হত্যাকাণ্ডৰ সৈতে জড়িত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে।

খবৰ অনুসৰি ধৃত ব্যক্তিজনৰ নাম তিলেশ্বৰ। তিলেশ্বৰ নিজেও এজন ই-ৰিক্সা চালক।

মৃত ব্যক্তিজন নলবাৰী জিলাৰ নিবাসী খগেন দাস বুলি জানিব পৰা গৈছে।

সূত্ৰৰ পৰা জানিব পৰা মতে, আজি পুৱাৰ ভাগত তিলেশ্বৰ আৰু এগৰাকী মহিলাৰ মাজত কাজিয়াৰ সৃষ্টি হয়। যেতিয়া খগেন দাসে কাজিয়া ভাঙিবলৈ চেষ্টা কৰে তেতিয়া তিলেশ্বৰে তেওঁক আক্ৰমণৰ লক্ষ্য কৰি লয়। 

অভিযোগ অনুসৰি তিলেশ্বৰে খগেন দাসক একাধিকবাৰ ছুৰীৰে আঘাত কৰিছিল যাৰ ফলত শেষত তেওঁৰ মৃত্যু হয়।

হেঙেৰাবাৰী অঞ্চলৰ এল পি স্কুলৰ সমীপত সংঘটিত হয় এই ঘটনা। পথচাৰীয়ে তেজৰে ৰাঙলী হৈ থকা নিৰ্জীৱ মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পিছত লগে লগে আৰক্ষীক খবৰ দিয়ে।

তথ্য লাভ কৰাৰ লগে লগে দিছপুৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

খবৰ অনুসৰি তিলেশ্বৰে হত্যাকাণ্ডৰ কথা নিজেই স্বীকাৰ কৰে আৰু তাৰ পিছত তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

Related News