NORTHEAST NOW (Assamese)

জাল নথিপত্ৰৰে যাত্ৰীক কৰি দিছিল আমেৰিকা যাত্ৰাৰ সুবিধা: পৰিল ফান্দত

August 19, 2022 9:12 am · এন ই নাও নিউজ, গুৱাহাটী

জাল নথিপত্ৰ প্ৰস্তুত কৰি কোনো যাত্ৰীক অবৈধভাৱে বিদেশ ভ্ৰমণত সহায় কৰা ব্যক্তিক চিনেমাত নিশ্চয় দেখিছে। পিছে এনে কৰ্ম বাস্তৱত কৰি অবৈধভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যাত্ৰীক প্ৰেৰণ কৰাৰ অভিযোগত ভাৰততে গ্ৰেপ্তাৰ হৈছে এজন টিকট এজেণ্ট।

ধৃত টিকট এজেণ্ট গৰাকীক গুজৰাটৰ আহমেদাবাদৰ বাসিন্দা বিশাল বামৰাটে বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে যোৱা জুলাই মাহৰ আৰম্ভণিতে দাখিল কৰা এটা গোচৰৰ ভিত্তিত বামৰাটেক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীয়ে বামৰাটেৰ লগতে তেওঁৰ ওচৰত নথিপত্ৰ প্ৰস্তুত কৰা চাৰিজন লোককো গ্ৰেপ্তাৰ কৰিছে। ধৃত চাৰিজন যাত্ৰীক হৰ্ষদ কুমাৰ মহেন্দ্ৰভাই পেটেল, যতীন কানুভাই নাই, দীক্ষিতকুমাৰ মুকেশভাই পেটেল আৰু হিতেশ কুমাৰ ৰোহিত কুমাৰ ত্ৰিবেদী বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।

এই চাৰিওগৰাকী যাত্ৰীয়েই গুজৰাটৰ বাসিন্দা। তুৰ্কী হৈ আমেৰিকালৈ যাত্ৰা কৰাৰ সময়ত যাত্ৰী কেইগৰাকীৰ নথিপত্ৰ ভুৱা বুলি প্ৰমাণ হোৱাৰ পিছত তুৰ্কীয়ে আটাইকেইগৰাকীকে নিৰ্বাসিত কৰিছিল।

তেওঁলোকে জানিবলৈ দিয়া মতে বামৰাটে তেওঁলোকৰ বাবে ভুৱা নথিপত্ৰৰ ব্যৱস্থা কৰিছিল আৰু ইয়াৰ সহায়ত তেওঁলোকে আহমেদাবাদৰ পৰা ডুবাইলৈ আৰু তাৰ পিছত ইৰাণলৈ যাত্ৰা কৰিছিল।

কিন্তু তেওঁলোকে ইৰাণৰ পৰা তুৰস্কত উপস্থিত হোৱাৰ সময়ত তেওঁলোকক সন্দেহবশত: পৰীক্ষা কৰোঁতে ধৰা পৰে আৰু লগে লগে তুৰস্কৰ পৰা বিতাড়িত কৰা হয়।

চাৰি যাত্ৰীৰ বিবৃতিৰ আধাৰত আৰক্ষীয়ে অভিযুক্ত ট্ৰেভেল এজেণ্টজনৰ আহমেদাবাদত সন্ধান লাভ কৰে আৰু গ্ৰেপ্তাৰ কৰে। বামৰাটে তেওঁৰ সহায় বিচৰা যাত্ৰীসকলৰ সৈতে যোগাযোগ কৰিবলৈ আন্তৰ্জাতিক নম্বৰ ব্যৱহাৰ কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

ইফালে গ্ৰেপ্তাৰ হোৱাৰ পিছত বামৰাটে দাবী কৰিছে যে ক’ভিদ মহামাৰীৰ বাবে তেওঁ ব্যৱসায়ত বৃহৎ লোকচানৰ সন্মুখীন হয় আৰু এনে অৱস্থাত ধন উপাৰ্জনৰ বাবে তেওঁ এই অবৈধ ব্যৱসায় আৰম্ভ কৰে।

তেওঁ আৰক্ষীৰ আগত দিয়া ভাষ্য মতে ডুবাইস্থিত এজেণ্ট ৰূপেশ পেটেলৰ সৈতে অংশীদাৰীত্বৰ জৰিয়তে যাত্ৰীসকলক অবৈধভাৱে আমেৰিকালৈ পঠিয়ায়।

বামৰাটেৰ বিবৃতিৰ আধাৰত আৰক্ষীয়ে এই অপৰাধ চক্ৰটোত জড়িত থকা আন লোকসকলৰ সন্ধানত অভিযান আৰম্ভ কৰিছে বুলি জানিবলৈ দিছে।

Related News