NORTHEAST NOW (Assamese)

মেঘালয়ত জীয়েকক ধৰ্ষণ কৰি দ্বিতীয়বাৰ গ্ৰেপ্তাৰ হ’ল পিতৃ

March 14, 2020 11:18 am · এন ই নাও নিউজ
Updated: March 14, 2020 11:20 am
প্ৰতিনিধিত্বমূলক ছবি

মেঘালয় আৰক্ষীয়ে জনোৱা মতে ৰাজ্যখনৰ এজন ব্যক্তিক নিজৰ কিশোৰী কন্যাৰ ওপৰত যৌন নিৰ্য্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনাটো হৈছে পশ্চিম গাৰো পাহাৰ জিলাৰ ডালোৰ সমীপৰ।

জানিব পৰা মতে অভিযুক্ত ব্যক্তিজনে ইয়াৰ পূৰ্বেও ২০১৬ চনত নিজৰ জ্যেষ্ঠ কন্যাক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল। কেইবা বছৰ কাৰাবাসত থকাৰ পিছত তেওঁ জামিনত মুকলি হৈ আহে।

কিন্তু জেইলৰ পৰা ওলাই আহি এইবাৰ তেওঁ নিজৰ সৰু জীয়েকৰ ওপৰত যৌন উৎপীড়ন চলায়।

পিতৃৰ কামনাৰ চিকাৰ হোৱা ১৬ বছৰীয়া উক্ত যুৱতী গৰাকী আনকি গৰ্ভৱতী হ’বলগীয়া হৈছিল।

‘অভিযুক্ত ব্যক্তিজনেই পৰিয়ালটোৰ বাবে উপাৰ্জন কৰোঁতা বুলি আদালতত আৰ্জি কৰাত লোকজনক জামিনত মুকলি কৰি দিয়া হৈছিল।‘ আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষীৰ মতে, ‘কেইবা বছৰ জেইলত থকাৰ পিছতো তেওঁৰ পৰকতি সলনি নহ’ল আৰু এইবাৰ নিজৰ সৰু জীয়েকৰ ওপৰত যৌন নিৰ্য্যাতন চলায়।‘

বৰ্তমান লোকজনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে ঘটনাৰ তদন্ত চলাই আছে।

Related News