দিল্লীৰ এগৰাকী মহিলাক অনলাইন যৌন নিৰ্যাতন চলায় গ্ৰেপ্তাৰ হ’ল অসমৰ এজন যুৱক

arrest-generic_650x400_41495967190

দিল্লীৰ এগৰাকী মহিলাক অনলাইনযোগে যৌন নিৰ্যাতন তথা হাৰাশাস্তি কৰি আৰক্ষীৰ হাতত সোমবাৰে গ্ৰেপ্তাৰ হৈছে অসমৰ এজন যুৱক।

দিল্লী আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি অসমৰ দৰং জিলাৰ মংগলদৈৰ ২৫ বছৰীয়া চন্দন নাথ নামৰ ৰাজনীতি বিজ্ঞানৰ স্নাতক যুৱকজনে হোৱাটছএপৰ ভিডিঅ’ কলৰ যোগেদি দিল্লীৰ মহিলা গৰাকীক হাৰাশাস্তি কৰাৰ লগতে ভাবুকি দি আহিছিল।

যোআ ৩০ ছেপ্টেম্বৰত মহিলা গৰাকীয়ে দিল্লীৰ মালব্য নগৰ আৰক্ষী থানাত এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছিল।

মহিলা গৰাকীয়ে অভিযোগ কৰে যে অসমৰ চন্দন নাথ নামৰ যুৱকজনে হোৱাটছএপত ভিডিঅ’ কল কৰি হাৰাশাস্তি কৰি অহাৰ লগতে তেওঁৰ ফ’টো চ’ছিয়েল মিডিয়াত ভাইৰেল কৰাৰো ভাবুকি দি আহিছিল।

দক্ষিণ দিল্লী আৰক্ষী উপ আয়ুক্ত অতুল কুমাৰ ঠাকুৰীয়াই সংবাদ মাধ্যমত প্ৰকাশ কৰা অনুসৰি মহিলাগৰাকীৰ এই অভিযোগৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৪এ, ৫০৯ আৰু ৫০৬ ধাৰাত গোচৰ পঞ্জীয়ন কৰা হয়।

ইয়াৰ পিছতে দিল্লী আৰক্ষীয়ে সমগ্ৰ ঘটনাটো তদন্ত আৰম্ভ কৰে আৰু অভিযুক্তৰ ম’বাইল নম্বৰ ট্ৰেচ কৰি অসমৰ মংগলদৈৰ যুৱকজনক চিনাক্ত কৰি সোমবাৰে গ্ৰেপ্তাৰ কৰে।

“আৰক্ষীৰ এটা দল তালৈ প্ৰেৰণ কৰা হয় আৰু তেওঁলোকে চন্দন নাথ নামৰ অভিযুক্তজনক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰে। অভিযুক্তই ব্যৱহাৰ কৰা ম’বাইল ফোনটোক দলটোৱে জব্দ কৰিছে।” উপ আৰক্ষী আয়ুক্ত ঠাকুৰীয়াই কয়।

উপ আৰক্ষী আয়ুক্ত ঠাকুৰীয়াই কয় লগতে কয় যে অভিযুক্ত চন্দন নাথে যুৱতীৰ লগত চ’ছিয়েল মিডিয়াৰ যোগে বন্ধুত্ব স্থাপনৰ যোগেদি পিছত ভিডিঅ’ চ্যাট কৰি এইদৰে যুৱতীসকলক ভাবুকি দিয়াৰ লগতে যৌন নিৰ্যাতন চলায় অহা বুলি আৰক্ষীৰ আগত স্বীকাৰো কৰিছে।