NORTHEAST NOW (Assamese)

আজৱ! চুৰি কৰিবলৈ আহি লেপটপত প’ৰ্ণ ভিডিঅ’ চাই চাই হস্তমৈথুনত লিপ্ত হ’ল এটা চোৰ, ক’ত?

April 22, 2021 4:19 pm · এন ই নাও নিউজ
(প্ৰতিনিধিত্বমূলক ফটো)

ঘৰত কোনো নাই ভাবি চুৰি কৰিবলৈ সোমাইছিল এটা গভাইট চোৰ।

কিন্তু ঘৰৰ ভিতৰৰ মূল্যৱান বস্তুবিলাক নিজৰ বেগত ভৰোৱাৰ সলনি এটা লেপটপ দেখা পালে চোৰটোৱে।

লগালগ সি লেপটপটো খুলিলে আৰু নেট সংযোগ কৰি ভিডিঅ’ ডাউনলোড কৰিবলৈ ধৰে।

ডাউনলোড কৰি যায় কেইটাবাটাও প’ৰ্ণ ভিডিঅ’!

তাৰপাছত, ভিডিঅ’কেইটা চাই চাই হস্তমৈথুনো কৰে সি।

তেনেসময়তে আৰক্ষীয়ে গম পাই যায় আৰু হস্তমৈথুন কৰি থকা অৱস্থাতে তাক আটক কৰে।

আজৱ এই কাণ্ডটো সংঘটিত হৈছিল ২০১৮ চনতে।

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কেলিফ’ৰ্ণিয়াত জোনাথন জোছে ৰুইজ (২২) নামৰ চোৰটোৱে সংঘটিত কৰিছিল এই কাণ্ডটো।

বিচাৰৰ অন্তত শেহতীয়াকৈ চোৰটোক ৬ বছৰ ৮ মাহৰ কাৰাদণ্ড বিহা হৈছে।

জানিব পৰামতে, চোৰটোৱে য’ত চুৰিকাৰ্য কৰিবলৈ গৈছিল, সেই ঘৰটোত তিনিজনী ছাত্ৰী ভাড়াতীয়া থাকে।

তাৰে এজনী ছাত্ৰীৰ লেপটপটো পাই চোৰটোৱে প’ৰ্ণ ভিডিঅ’ ডাউনলোড কৰি হস্তমৈথুন কৰে।

কেৱল সেয়াই নহয়, ফ্ৰিজত ছাত্ৰীকেইগৰাকীয়ে থৈ দিয়া খাদ্যও টকালি পাৰি খায় চোৰটোৱে।

আৰক্ষীয়ে চোৰটোৰ লগত ছাত্ৰীকেইগৰাকীৰ অন্তৰ্বাসো উদ্ধাৰ কৰে।

অৱশেষত চোৰটোক আদালতে বিচাৰপ্ৰদান কৰি ৬ বছৰৰো অধিক পৰিমাণৰ কাৰাদণ্ড বিহে।

Related News