সমাজৰ উচ্চ-নীচ ব্যৱস্থাটোক মাৰিব লাগে বুলি অলপতে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে কোৱাৰ পিছতে এইবাৰ এজন ব্যক্তিয়ে অনলাইন খাদ্যৰ ৱেবচাইট Zomato ৰ জৰিয়তে অৰ্ডাৰ কৰা খাদ্য এজন মুছলিম সম্প্ৰদায়ৰ যুৱকে ডেলিভাৰী দিবলৈ অহাত তাৎক্ষণিকভাৱে তেওঁ নিজৰ অৰ্ডাৰ কেঞ্চেল কৰাৰ ঘটনা পোহৰলৈ আহিছে।
এই ঘটনা মধ্য প্ৰদেশৰ যবলপুৰৰ। যবলপুৰৰ অমিত শুক্লা নামৰ এজন ব্যক্তিয়ে Zomatot খাদ্যৰ অৰ্ডাৰ দিছিল। সেই অনুসৰি Zomato ৰ ডেলিভাৰী বয় ফেইয়াজ নামৰ এজন যুৱকে অমিত শুক্লাৰ খাদ্য লৈ আহিছিল।
পিছত অমিত শুক্লাই এজন মুছলমান সম্প্ৰদায়ৰ যুৱকে তেওঁক খাদ্য দিবলৈ অহাৰ কথা গম পাই তাৎক্ষণিকভাৱে নিজৰ অৰ্ডাৰ কেঞ্চেল কৰে।
অমিত শুক্লাই লগে লগে Zomato Chat ত অন্য ডেলিভাৰী বয়ৰ জৰিয়তে তেওঁৰ খাদ্য পঠিয়াবলৈ অনুৰোধ কৰে। আৰু তেতিয়া কোম্পানীৰ ফালৰ পৰা কিয় বুলি সোধা প্ৰশ্নৰ উত্তৰত শুক্লাই কয় যে, ‘এতিয়া শাওন মাহ সেয়েহে মই মুছলিম সম্প্ৰদায়ৰ যুৱকৰ হাতৰ পৰা ডেলিভাৰী ল’ব নিবিচাৰে।’
ইয়াৰ উত্তৰত Zomato কৰ্তৃপক্ষই খাদ্যত কোনো ধৰ্ম নাথাকে বুলি কৈ অমিত শুক্লাৰ অনুৰোধ নাকচ কৰে। তেতিয়া শুক্লাই খাদ্যৰ বিনিময়ত দিয়া ধন ঘূৰাই দিবলৈ কয়। আৰু ধন ঘূৰাই দিয়াৰ ক্ষেত্ৰতে Zomato কৰ্তৃপক্ষই অমান্তি হয়।
Food doesn’t have a religion. It is a religion. https://t.co/H8P5FlAw6y
— Zomato India (@ZomatoIN) July 31, 2019
পিছত এই বিষয়ত অমিত শুক্লাই টুইটো কৰে আৰু দুয়ো পক্ষৰে মাজত ছচিয়েল মিডিয়াত কিছু তৰ্কাতৰ্কি হয়। আৰু সমগ্ৰ বিষয়টোৱে ছচিয়েম মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে।
Just cancelled an order on @ZomatoIN they allocated a non hindu rider for my food they said they can’t change rider and can’t refund on cancellation I said you can’t force me to take a delivery I don’t want don’t refund just cancel
— पं अमित शुक्ल (@NaMo_SARKAAR) July 30, 2019