NORTHEAST NOW (Assamese)

চিনেমা নহয় বাস্তৱ! চলন্ত গাড়ীৰ বনেটত জপিয়াই পত্নী আৰু প্ৰেমিকক হাতে-লোটে ধৰিলে স্বামীয়ে

January 16, 2025 9:01 pm · এন ই নাও নিউজ, গুৱাহাটী

পত্নীক হাতে-লোটে ধৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত প্ৰেমিকৰ গাড়ীৰ বনেটত জপিয়াই পৰিল স্বামী। স্বামীক সেই অৱস্থাতে এৰি লৰালৰিকৈ নিজৰ গাড়ী চলাই গল মহিলাগৰাকীৰ প্ৰেমিক। তেনে এটা ভিডিঅ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।

উত্তৰ প্ৰদেশৰ মোৰাদাবাদ জিলাত সংঘটিত হৈছে এই ঘটনা। প্ৰেমিকৰ সৈতে ৰাজপথত গাড়ীৰে যাত্ৰা কৰি আছিল মহিলাগৰাকী। তেতিয়াই  স্বামীয়ে মহিলাগৰাকীক দেখিলে। তাৰ পিছত তেওঁ প্ৰেমিকৰ সৈতে পত্নীক ধৰিবলৈ গাড়ীখন ৰখাবলৈ চেষ্টা কৰে।

কিন্তু প্ৰেমিকজনে গাড়ীখন ৰখাই নিদিয়াকৈয়ে খৰধৰকৈ পলাই যায়। তেতিয়া স্বামীয়ে জপিয়াই পত্নীৰ প্ৰেমিকৰ গাড়ীৰ বনেটত ওলমি থাকিল। কিন্তু সেইটো দেখাৰ পাছতো প্ৰেমিকজনে গাড়ীখন ৰখাই নিদিলে। সেই পৰিস্থিতিত স্বামীয়ে বনেটত ওলমি কেইবা কিলোমিটাৰ পথ পাৰ হৈ যায়।

আনহাতে প্ৰেমিকজনে গাড়ী ৰখাই দিয়াৰ পৰিৱৰ্তে গতি বৃদ্ধি কৰে। অৱশেষত ৰাস্তাৰ মানুহবোৰে গাড়ীখন ৰখাই দিলে। তাৰ পাছত দুয়োৰে মাজত কাজিয়া আৰম্ভ হল।

জানিব পৰা মতে, মহিলাগৰাকীৰ স্বামীৰ কোনো ক্ষতি হোৱা নাই। কিন্তু পত্নীক হাতে-লোটে ধৰিবলৈ স্বামীয়ে নিজৰ জীৱনটোক গুৰুত্ব নিদিয়াকৈ জপিয়াই পৰা ভিডিঅটো দেখি বহুত আচৰিত হল।

জানিব পৰা মতে, মহিলাগৰাকীৰ প্ৰেমিক মাহীৰৰ নামত থানাত গোচৰ ৰুজু কৰা হৈছে। স্বামীক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীক। বৰ্তমান এই গোচৰৰ আইনী প্ৰক্ৰিয়া চলি আছে।

Related News