মহানগৰীৰ ভিআইপি ৰোডত চিপ লৈ আত্মহত্যা কৰে এজন যুৱকে।
হিন্দুস্তান কলেজৰ সমীপৰ মেগজিনত পথৰ ডিভাইডাৰৰ গছত ওলমি থকা অৱস্থাত শনিবাৰে উদ্ধাৰ হৈছে যুৱকজনৰ মৃতদেহ৷
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে নাম হৈছে নিপেন ডেকা(নিতুল)। প্ৰায় ৩০-৩৫ বছৰ বয়স হব যুৱকজনৰ।
যুৱকজনে নিৰুপমা ইঞ্জিনীয়াৰিঙত কাম কৰিছিল।
লকডাউনৰ সময়ত নাপিতৰ কাম কৰিছিল যুৱকজনে৷ যুৱকজনৰ ঘৰ মঙলদৈ ছিপাঝাৰত৷
আনহাতে আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি যুৱকজন আজি পুৱা ভাগত গছত ওলমি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰিছিল।
প্ৰাথমিক তদন্তত অৰ্থনৈতিক সমস্যাৰ বাবে আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে৷
চাৰিজনীয়া পৰিয়ালৰ সৈতে গুৱাহাটীত ভাড়াঘৰত বাস কৰিছিল মৃত যুৱকজনে। কিন্তু বৰ্তমান গুৱাহাটীত অকলে আছিল যুৱকজন।