ভয়ংকৰ! আগ্নেয়গিৰিৰ উত্তপ্ত লাভাত কণী ভাজিবলৈ গ’ল এই জন যুৱকে, তাৰপিছত কি ঘটিল ? চাওঁক ভিডিঅ’

a mannnn

ভয়ংকৰ ৰূপত উদগীৰণ হৈছিল আগ্নেয়গিৰিৰ।

পাহাৰৰ শ শ ফুট উচ্চতাৰ পৰা বৈ আহিছিল উত্তপ্ত লাভাৰ সোঁত।

যিটো সময়ত আগ্নেয়গিৰিৰ পৰা বৈ অহা লাভাই ঘৰ-বাৰী পুতি পেলোৱাৰ আশংকা কৰি শ শ লোকে পলায়ন কৰিছে সেই সময়তে এজন অত্যুৎসাহী যুৱকে আগ্নেয়গিৰি থকা পাহাৰৰ বহু  উচ্চতালৈ উঠি গৈ দগমগাই জ্বলি থকা লাভাত কণীৰ অমলেট বনাবলৈ চেষ্টা কৰাৰ কথাই এতিয়া বহুতকে স্তম্ভিত কৰি তুলিছে।

এই ভয়ংকৰ ঘটনাটো ঘটিছে আইচলেণ্ডত।যোৱা ১৯ মাৰ্চত আইচলেণ্ডৰ ফাগৰাদালছফজাল নামৰ আগ্নেয়গিৰিটো উদগীৰণ হৈছিল।

প্ৰায় ২০০ খন ফুটবল খেলপথাৰৰ সমান অঞ্চলত বিয়পি পৰিছিল দগমগাই থকা লাভা।

সেয়ে প্ৰায় ৮০০ বছৰৰ পিছত উদগীৰণ হোৱা আগ্নেয়গিৰিটোৰ কাষৰ পৰা বহু লোকে পলায়ন কৰিছিল যদিও এজন যুৱকে হাতত ফ্ৰাই পেন লৈ আগ্নেয়গিৰিটোৰ নিচেই কাষলৈ গৈছিল আৰু উত্তপ্ত লাভাৰ ওপৰত ফ্ৰাই পেন ৰাখি কণীৰ অমলেটৰ লগতে গাহৰিৰ মাংস ৰন্ধাৰ চেষ্টা চলায়।

কিন্তু যুৱক জনৰ সেই আশা পূৰণ নহ’ল।

উত্তপ্ত লাভাৰ ওপৰত ফ্ৰাই পেন ৰখাৰ লগে লগে অত্যধিক তাপ পাই ফ্ৰাই পেন ত ৰখা কণী দেই গ’ল। যুৱক জনৰ এনে মৰসাহৰ ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ লগে লগে সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি হৈছে।