হাতী মানুহৰ সংঘাত : ওদালগুৰিত হাতীৰ গচকত মহিলা নিহত

wild elephants udalguri

ওদালগুৰিৰ ভাৰত-ভুটান সীমান্তৰ গাঁওসমূহত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। সীমান্ত এলেকাত বাস কৰা মানুহৰ মাজত বনৰীয়া হাতীয়ে চলাই আহিছে সন্ত্ৰাসৰ ৰাজত্ব।

২২ অক্টোবৰ সোমবাৰে পুৱতি নিশা প্ৰায় ৪.৩০ বজাত ওদালগুৰিৰ ডিমাকুছি আৰক্ষী থানাৰ অন্তৰ্গত বদলাপাৰা চাহ বাগানত বিৰাছমণি বাৰা (৪৮) নামৰ এগৰাকী মহিলা চাহ শ্ৰমিকে  চাহপাত চিঙি থাকোঁতে বনৰীয়া হাতীয়ে তেওঁক গছকি নিৰ্মমভাৱে হত্যা কৰে। নিহত শ্ৰমিকগৰাকীৰ এগৰকী বান্ধৱী (৩৪) বান্ধাইন বাৰাকো বনৰীয়া হতীটোৱে আক্ৰমণ কৰে। হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত শ্ৰমিকগৰাকী বৰ্তমান চিকিৎসালয়ত ভৰ্তি হৈ আছে।

উল্লেখ্য ইয়াৰ পূৰ্বে ৭ অক্টোবৰত বনৰীয়া হাতীয়ে ৰূপালী টপ্প নামৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীক হত্যা কৰিছিল।

হাতীয়ে শ্ৰমিকগৰাকীক হত্যা কৰাৰ পাছত বিশাল সংখ্যক চাহ শ্ৰমিকে চাহ বাগিচাখনৰ প্ৰৱন্ধকৰ বাংলোটো ঘেৰাও কৰে। প্ৰৱন্ধক অৰূপ বৰুৱাই আশ্বাস প্ৰদান কৰে যে চাহ বাগিচা ব্যৱস্থাপক মণ্ডলীয়ে মহিলাগৰাকীৰ নিকটাত্মীয়ক ক্ষতিপূৰণ প্ৰদান কৰিব।

নৰ্থ ইষ্ট নাওৰ সৈতে ফোনত বাগিচাখনৰ ব্যৱস্থাপকগৰাকীয়ে কৈছে, ‘‘নিহত আৰু আহত শ্ৰমিক দুগৰাকীলৈ চাহ বাগিচা ব্যৱস্থাপনাই এককালীন ক্ষতিপূৰণ দিয়াৰ প্ৰয়োজনীয় পদক্ষেপ গ্হণ কৰিব। তেওঁ আৰু কৈছে এ বিদ্যুৎ পৰিবাহী বেৰ দিয়াটো সমীচীন নহয় কাৰণ ইয়ে হাতীৰ স্বাভাৱিক পথত বাধা প্ৰদান কৰিব আৰু ইয়ে পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্যতা নষ্ট কৰিব।’’

উল্লেখ্য চলিত মাহত এই পৰ্যন্ত হাতীৰ আক্ৰমণত ৩গৰাকী ব্যক্তিৰ মৃত্যু ঘটাৰ লগতে এটা হাতীৰ মৃত্যু ঘটিছে।