ছয় বছৰ পূৰ্বে যুৱতীক এছিড নিক্ষেপ কৰা দুৰ্বৃত্তক শাস্তি বিহিলে আদালতে: যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে দুৰ্বৃত্তক

Acid attack

ছয় বছৰ পূৰ্বে এগৰাকী ছাত্ৰীক এছিড নিক্ষেপ কৰাৰ অপৰাধত অভিযুক্ত এগৰাকী যুৱকক দোষী সাব্যস্ত কৰি কঠোৰ শাস্তিৰে দণ্ডিত কৰি এক অনন্য নিদৰ্শন দাঙি ধৰিছে উত্তৰ প্ৰদেশৰ এক আদালতে। ২০১৬ চনত এই নৃশংস আক্ৰমণ সংঘটিত কৰা দুৰ্বৃত্তক মঙলবাৰে আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

শাস্তিৰ সন্মুখীন হোৱা দুৰ্বৃত্ত গৰাকীৰ নাম আজাদ ওৰফে লাড্ডু বুলি জানিব পৰা গৈছে। প্ৰকাশিত খবৰ অনুসৰি আজাদে এছিড আক্ৰমণ কৰা যুৱতীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ দিছিল যদিও এই প্ৰস্তাৱ নাকচ কৰিছিল যুৱতীগৰাকীয়ে।

প্ৰেম প্ৰত্যাখিত হোৱাৰ পাছতো আজাদে কলেজলৈ যোৱাৰ সময়ত যুৱতীগৰাকীক পিছা কৰাৰ লগতে হাৰাশাস্তি কৰিছিল। ২০১৬ চনৰ ৫ ডিচেম্বৰত যুৱতীগৰাকীয়ে বান্ধৱীৰ সৈতে চাইকেলেৰে কলেজলৈ যোৱাৰ পথতে আন দুগৰাকী বন্ধুৰ সৈতে বাইকত উঠি অহা আজাদে যুৱতীগৰাকীৰ ওপৰত এছিড নিক্ষেপ কৰে।

এছিড আক্ৰমণ কৰাৰ পাছতে বন্ধুসহ আজাদ ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ইফালে এই নৃশংস আক্ৰমণত যুৱতীগৰাকীৰ পিঠি আৰু কাণ বেয়াকৈ জ্বলি যায়। ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছত যুৱতীগৰাকীৰ ভাতৃয়ে স্থানীয় আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰে।

এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত আজাদৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০৭, ৩২৬এ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰে। আনহাতে গোচৰৰ আন এগৰাকী অভিযুক্ত ৰবি তিৱাৰীক কোনো প্ৰমাণ নথকাৰ বাবে আদালতে দোষমুক্ত কৰে।

ইফালে তৃতীয়গৰাকী অভিযুক্ত কিশোৰ হোৱাৰ বাবে কিশোৰ আদালতত বিচাৰাধীন হৈ আছে। মুখ্য অভিযুক্ত আজাদক আজীৱন কাৰাদণ্ডৰ লগতে ৩৫ হাজাৰ টকাৰ জৰিমনাও আৰোপ কৰে আদালতে। তদুপৰি আক্ৰমণৰ বলি হোৱা যুৱতীগৰাকীক ক্ষতিপূৰণ হিচাপে ২০ হাজাৰ টকা দিবলৈ আদালতে নিৰ্দেশ দিয়ে।