AK-47ৰ বৃহৎ পৰিমানৰ সজীৱ গুলীসহ ধুবুৰীত এজন লোকক গ্ৰেপ্তাৰ

Dhubri-arrest-750x375

ধুবুৰী আৰক্ষীয়ে চহৰখনৰ জহিৰুল ইছলামৰ বাসগৃহত তালাচী অভিযান চলাই AK-47 ৰাইফলৰ ১৬জাই সজীৱ গুলী উদ্ধাৰ কৰে।

নিজৰ জিম্মাত সজীৱ গুলী ৰখাৰ অভিযোগত দেওবাৰে ধুবুৰী চহৰত এজন ৪৫বছৰীয়া লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

ধুবুৰী আৰক্ষীয়ে চহৰখনৰ জহিৰুল ইছলামৰ বাসগৃহত তালাচী অভিযান চলাই AK-47 ৰাইফলৰ ১৬জাই সজীৱ গুলী উদ্ধাৰ কৰে। আৰক্ষীয়ে লগতে তেওঁক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ইছলামৰ এখন মোবাইলৰ দোকান আছে আৰু তেওঁ ধুবুৰী চহৰৰ বাহাদুৰটাৰী (নিউঘাট) অঞ্চলৰ বাসিন্দা।

আৰক্ষীয়ে কয় যে ইছলামে এইদৰে সজীৱ গুলী ৰখাৰ বাবে কোনো অনুজ্ঞাপত্ৰ বা নথি দেখুৱাব নোৱাৰিলে।

ধুবুৰীৰ চহৰ অঞ্চলত এইদৰে AK-47 ৰাইফলৰ এইদৰে বৃহৎ পৰিমানৰ সজীৱ গুলী উদ্ধাৰৰ ঘটনাই নিশ্চিতভাৱে এক চিন্তাৰ কাৰণ হৈ পৰিছে বুলি জানিবলৈ দিয়ে ধুবুৰীৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই।

ইঠলামৰ বিৰুদ্ধে আৰ্মছ এক্ট তথা বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনৰ বিভিন্ন ধাৰাত এটা গোচৰ ৰুজু কৰা হৈছে।

আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে আৰক্ষীয়ে সন্ত্ৰাসবাদী গোটৰ সৈতে তেওঁৰ সম্ভাৱ্য সম্পৰ্কৰ তদন্ত চলাই আছে।