বোকাখাতত লোমহৰ্ষক হত্যাকাণ্ড : ভতিজাকৰ দাৰ ঘাপত প্ৰাণ গ’ল খুড়াকৰ

a bokak

বোকাখাতৰ কুমাৰণী পথাৰত  সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড ৷

ভতিজাকৰ দাৰ ঘাপত প্ৰাণ গ’ল খুড়াকৰ ৷

মাটিৰ সীমা সম্পৰ্কীয় এক পাৰিবাৰিক কন্দলত বুধবাৰৰ দুপৰীয়া কুমাৰনী আঁটি  গাঁও নিৱাসী ৰাহুল মাঝি নামৰ যুৱকজনে পথাৰতে দাৰে ঘপিয়াই হত্যা কৰে নিজৰ খুড়াক কৃষ্ণ মাঝিক ৷

জানিব পৰা মতে কুমাৰণী পথাৰৰ কৃষিভূমিত কোৰেৰে পুখুৰী খান্দি ঢাপ মাৰিছিল ৰাহুল মাঝি নামৰ যুৱকজনে ৷

মাটি খান্দি থাকোতেই কৃষ্ণ মাঝি নামৰ ব্যক্তিজনে ৰাহুল মাঝিক মাটি খান্দি ঢাপ মৰাত বাধা প্ৰদান কৰি তৰ্ক যুদ্ধত লিপ্ত হৈ পৰস্পৰে পৰস্পৰক আক্ৰমণ কৰিবলৈ উদ্যত হয় ৷

কৃষ্ণ মাঝিয়ে আক্ৰমণ কৰাৰ আগতেই হাতত থকা এখন কটাৰীৰে কৃষ্ণ মাঝিক আক্ৰমণ কৰে ৰাহুল মাঝিয়ে ৷

যৰাহুল মাঝিয়ে কৃষ্ণ মাঝিক ডিঙি আৰু শৰীৰৰ বিভিন্ন স্থানত ঘপিয়ায় ৷

ফলত ঘটনাস্থলীতেই কৃষ্ণ মাঝিৰ মৃত্যু হয় ৷ ঘটনা সংঘটিত কৰি ৰাহুল মাঝি নামৰ যুৱক জনে বোকাখাত আৰক্ষী থানাত আত্মসমৰ্পন কৰে ৷