NORTHEAST NOW (Assamese)

আইতাকক হত্যা কৰি তেজৰে ধুলে শিৱলিংগ : তাৰপিছত চৰম পন্থা বাচি লোৱাৰ চেষ্টা নাতিয়েকৰ

October 21, 2024 10:10 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

ভগৱানক সন্তুষ্ট কৰাৰ নামত নিজৰ আইতাকক বলি দিলে এজন যুৱকে। ত্ৰিশূলেৰে ৭০ বছৰীয়া আইতাকক হত্যা কৰাৰ পিছত আইতাকৰ তেজেৰে ধুলে শিৱলিংগ।

এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ছত্তীশগড়ত। আইতাকক হত্যা কৰাৰ পিছত অভিযুক্ত যুৱকজনে আত্মহত্যাৰ চেষ্টা চলায়। তাৰপিছত গুৰুতৰ অৱস্থাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ছত্তীশগড়ৰ দুৰ্গ জিলাৰ নানকট্টি গাঁৱত গুলচন নামৰ এজন যুৱকে আইতাক ৰুক্মিণী গোস্বামীৰ সৈতে বাস কৰিছিল। গাঁৱৰ এটা শিৱ মন্দিৰৰ কাষতে আছিল তেওঁলোকৰ ঘৰ। গাঁৱৰ ৰাইজে দাবী কৰে যে গুলচন সৰুৰে পৰা শিৱৰ ভক্ত আছিল। মন্দিৰত দৈনিক পূজাও কৰিছিল। শিৱ সাধনাৰ নামত অন্ধ বিশ্বাসৰ প্ৰভাৱত শনিবাৰে সন্ধিয়া অভিযুক্তই এই অপৰাধ সংঘটিত কৰে।

জানিব পৰা মতে, প্ৰথমে আইতাকক নিজৰ ঘৰত থকা ত্ৰিশূলেৰে খুঁচি হত্যা কৰিছিল। ইয়াৰ পিছত সেই তেজ লৈ শিৱ মন্দিৰলৈ গৈ শিৱলিংগ ধুৱালে। তাতে পূজা কৰি অভিযুক্তই ত্ৰিশূলেৰে নিজে ডিঙিত খুঁচি মাৰি ঘৰলৈ উভতি আহে।

স্থানীয় ৰাইজে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত গুলচনক উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে। অভিযুক্ত গুলচন সম্প্ৰতি ৰায়পুৰৰ এইমছ হাস্পতালত ভৰ্তি হৈ আছে।

ইফালে, গাঁওবাসীৰ পৰা তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ ৰুক্মিণী গোস্বামীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

প্ৰাথমিক তদন্ত অনুসৰি অভিযুক্ত যুৱকজনে অন্ধবিশ্বাসৰ বশৱৰ্তী এই অপৰাধ সংঘটিত কৰিছিল। অভিযুক্ত যুৱকজনৰ বিৰুদ্ধে একাধিক ধাৰাত গোচৰ ৰুজু কৰা হৈছে। সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Related News