বিয়াৰ বাবে দিছিল চাপ; বিবাহিতা প্ৰেমিকাক হত্যা কৰি দেহ টুকুৰা টুকুৰ কৰিলে যুৱকে!
দেশ কপোৱা শ্ৰদ্ধা কাণ্ডৰ ছাঁ এইবাৰ ৰাজস্থানতো। নাগাউৰৰ এগৰাকী যুৱতী মহিলাক তেওঁৰ প্ৰেমিকে হত্যা কৰাৰ পিছত দেহ টুকুৰা টুকুৰ কৰি বিভিন্ন ঠাইত পেলাই দিছিল। প্ৰায় ২৫ দিন ধৰি ঘটনাটোৰ তদন্ত চলি আছে।
আৰক্ষীয়ে ইতিমধ্যে হত্যাকাৰী প্ৰেমিকজনক গ্ৰেপ্তাৰ কৰিছে। আনহাতে, এতিয়াও যুৱতীগৰাকীৰ মৃতদেহৰ সকলো অংশ উদ্ধাৰ হোৱা নাই।
বাতৰি অনুসৰি, যুৱতীগৰাকী বিবাহিতা আছিল। তথাপিও তেওঁ প্ৰেমিকক বিয়া কৰিবলৈ হেঁচা দিছিল। এই কাৰণে খঙতে যুৱতীগৰাকীক হত্যা কৰিছিল বুলি যুৱকজনে স্বীকাৰ কৰে।
যোৱা ২২ জানুৱাৰীত গুড্ডি নামৰ যুৱতী মহিলাগৰাকী বালাচাৰ এৰি মুণ্ডাচাৰ গাঁৱত থকা তেওঁৰ শহুৰেকৰ ঘৰলৈ গৈছিল যদিও শহুৰেকৰ ঘৰলৈ উভতি অহা নাছিল। দুদিন ধৰি তেওঁৰ কোনো সন্ধান নোপোৱাত অৱশেষত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰা হয় আৰু তেওঁৰ সন্ধান আৰম্ভ চলে।
আৰক্ষীয়ে গুড্ডিৰ ব্যৱহৃত কাপোৰ আৰু অলংকাৰ বিচাৰি পায়। পৰিয়ালে সোইবোৰ গুড্ডিৰ বুলি চিনাক্ত কৰে।
যুৱকজনে আৰক্ষীক জনায় যে হত্যাৰ পিছত তেওঁ দেৰভা গাঁৱৰ এটা কুঁৱাত দেহৰ অংশবোৰ পেলাই দিছিল। তদন্তকাৰীসকলে সেই তথ্যৰ ভিত্তিত অভিযান চলায়। কিছুমান হাড়, খোলা, চুলি উদ্ধাৰ হৈছে। ডিএনএ পৰীক্ষাৰ পিছত পৰিয়ালৰ সদস্যসকলৰ সৈতে সাদৃশ্যও পোৱা গৈছে। শৰীৰৰ বাকী অংশবোৰ বিচাৰি অনুসন্ধান অভিযান চলি আছে।