NORTHEAST NOW (Assamese)

এন আৰ চিৰ শুনানিলৈ আহি দুধনৈত সন্ধানহীন এজন লোক

May 31, 2019 6:46 am · নীলমণি শৰ্মা
সন্ধানহীন চুৰহাব আলী।

চিৰাং জিলাৰ বিজনীৰ পৰা এন আৰ চি শুনানিৰ বাবে বৃহস্পতিবাৰে দুধনৈলৈ আহি এজন লোক সন্ধানহীন হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

জানিব পৰা মতে বিজনীৰ ভাওঁৰাগুৰীৰ চৰফত আলীয়ে নিজ ভ্ৰাতৃ চুৰহাব আলী (৬০)সহ তেৰ জনীয়া পৰিয়াল এটা বৃহস্পতিবাৰে শুনানিৰ বাবে দুধনৈ গাওঁপঞ্চায়ত কাৰ্য্যলয়ত উপস্থিতি হৈছিল ৷

শুনানি হৈ যোৱাৰ পাছতে গাঁওপঞ্চায়তৰ কাৰ্যালয়ৰ পৰাই চৰফত আলীৰ ভ্ৰাতৃ চুৰহাব আলী (৬০) সন্ধানহীন হৈ পৰে ৷ পৰিয়ালৰ লোকে দিনৰ এক বজাৰ পৰা লোকজনৰ সন্ধানত বিচাৰ-খোচাৰ কৰে যদিও বাতৰি লিখাৰ পৰলৈ কোনো সন্ধান পোৱা নাই ৷

পৰিয়ালৰ লোকে ইতিমধ্যেই ঘটনাৰ সৰ্ন্দভত  দুধনৈ আৰক্ষী থানাক এজাহাৰ দাখিল কৰিছে ৷ লোক জনৰ সন্ধান পালে  ৮৬৩৮৮০১৫১২,৮৬৩৮৫৪৪১৭১ নম্বৰত জনাবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।

এন আৰ চিৰ শুনানিলৈ আহি চুৰহাব আলী এনেদৰে হঠাতে সন্ধানহীন হৈ পৰা ঘটনাই সকলোকে আচৰিত কৰি তুলিছে।

Related News