চকলেট দিয়াৰ প্ৰলোভনেৰে ৩ বছৰীয়া শিশুক যৌন উৎপীড়ণ; ৫৯ বৰ্ষীয় নিৰ্যাতনকাৰীক গ্ৰেপ্তাৰ

Sexuall Assault

৩ বছৰীয়া এগৰাকী শিশু। পখিলা খেদাৰ বয়সত এই শিশুটি যৌন নিৰ্যাতনৰ বলি হ’বলগীয়া হৈছে এগৰাকী ৫৯ বৰ্ষীয় ব্যক্তিৰ। মধ্যপ্ৰদেশৰ ভূপালত সংঘটিত হৈছে এই চৰম ঘৃণনীয় কাৰ্য।

জানিব পৰা মতে, অশোক গাৰ্ডেন অঞ্চলৰ এটা নিৰ্জন বন্ধ কোঠাত ৫৯ বছৰীয়া অভিযুক্তগৰাকীয়ে শিশুটিক উৎপীড়ন কৰা দেখিবলৈ পাই দুগৰাকী মহিলাই আৰক্ষীক অৱগত কৰে।

এই সন্দৰ্ভত অশোক গাৰ্ডেন আৰক্ষীৰ পৰিদৰ্শক আলোক শ্ৰীবাস্তৱে কয় যে এগৰাকী মহিলাই চিঞৰি থকা শিশুটোক যৌন উৎপীড়ন কৰা দেখিছিল আৰু কাষেৰে যোৱা আন এগৰাকী মহিলাক এই বিষয়ে অৱগত কৰে। তেওঁলোকে লগে লগে আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিছে। প্ৰাথমিক তদন্তত অভিযুক্তজনে শিশুটিক চকলেট দিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰলোভিত কৰিছিল আৰু এটা নিৰ্জন কোঠালৈ নি উৎপীড়ণ চলায় বুলি প্ৰকাশ পাইছে।

আৰক্ষী বিষয়াজনে লগতে জানিবলৈ দিয়া মতে ব্যক্তি জনে পূৰ্বেও দুবাৰ এনে অসৎ চৰিতাৰ্থ পূৰণত লিপ্ত হৈছিল।

আনহাতে আৰক্ষীক খবৰ দিয়া গায়ত্ৰী ভাস্কৰ আৰু বিজয়া পাটিল নামৰ মহিলা দুগৰাকীক তেওঁলোকৰ তৎক্ষণাৎ পদক্ষেপৰ বাবে আৰক্ষীয়ে সম্বৰ্ধনা জনায়।

ইতিমধ্যে অভিযুক্তজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি (আইপিচি) আৰু যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা (POCSO) আইনৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে।