• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অবিশ্বাস্য কলা! মূৰত ফুটবল লৈ ২৫০ ফুট উচ্চতালৈ বগালে যুৱকে

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে দিলে স্বীকৃতি, চাওক ভিডিঅ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 16, 2023 2:57 pm
Man scales 250-foot with football on head
3.1k
VIEWS
Share on FacebookShare on Twitter

খেলপথাৰত ফুটবল ভৰিত লৈ তাৰকা-মহাতাৰকাই দেখুওৱা নিপুণ ক্ৰীড়াশৈলী আপুনি দেখিছে; চমকৃত হৈ তেওঁলোকৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে আপুনি। কিন্তু মূৰত এটা ফুটবল লৈ কোনোবাই ২৫০ ফুট উচ্চতালৈকে বগাই যোৱা বুলি ক’লে বিশ্বাস হ’বনে?

অবিশ্বাস্য যেন লাগিলেও এয়া সঁচা। এই অদ্ভুত কাৰ্য কৰি দেখুৱাইছে আফ্ৰিকান দেশ নাইজেৰিয়াৰ এগৰাকী যুৱকে। মূৰত এটা ফুটবল লৈ এই যুৱকজনে ২৫০ ফুট (৭৬ মিটাৰ) ওখ এক টেলিকম সেৱা সংযোগী টাৱাৰৰ উচ্চতালৈ উঠি যায়।

অসম্ভৱক সম্ভৱ কৰা এই যুৱকজনৰ নাম টনি ছল’মন। টনিৰ এই নান্দনিক কাৰ্যক স্বীকৃতি প্ৰদান কৰিছে গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ডছে। এই অবিশ্বাস্য অভিলেখৰ ভিডিঅ’ গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ডছে অফিচিয়েল টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰিছে।

ভিডিঅ’টোত টনি ছল’মনে নিজৰ মূৰত ফুটবলটোৰ ভাৰসাম্য ৰক্ষা কৰি ওখ টাৱাৰটো বগোৱা বাই ওপৰলৈ উঠি যোৱা দেখিবলৈ পোৱা গৈছে। বলটো পৰি নোযোৱাকৈ ৰাখি এইদৰে মূৰত অভাৱনীয় ভাৰসাম্য ৰক্ষা কৰি ২৫০ ফুট উচ্চতা বগাই টনিয়ে স্থাপন কৰে নতুন অভিলেখ।

New record: Most steps climbed on a ladder while balancing a football on the head – 150 by Tonye Solomon (Nigeria) ️⚽️

Don’t look down 👀 pic.twitter.com/yeZAXe1CxH

— #GWR2024 OUT NOW (@GWR) September 13, 2023

প্ৰকাশিত খবৰ অনুসৰি, এই অভিলেখৰ বাবে দুমাহ ধৰি অনুশীলন কৰিছিল টনিয়ে। নিজৰ এই কৃতিত্বৰ আঁৰৰ কাৰণৰ বিষয়ে প্ৰকাশ কৰি টনিয়ে কয় যে তেওঁ কেৱল নিজকে প্ৰত্যাহ্বান জনাবলৈ নহয়, আনকো এনে কাৰ্য কৰিবলৈ অনুপ্ৰাণিত কৰাৰ বাবে এই কাম কৰিছিল।

“এয়া সহজ নাছিল। মই নাইজেৰিয়াৰ অসামৰিক প্ৰতিৰক্ষা বায়েলছা ষ্টেট কমাণ্ডক ধন্যবাদ জনাইছো যে তেওঁলোকে মোক ইয়াৰ বাবে তেওঁলোকৰ সুবিধা ব্যৱহাৰ কৰিবলৈ অনুমতি দিছে।”- অভিলেখ স্থাপনৰ পিছত টনি ছল’মনে লগতে কয়।

গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ডছে যোৱা ১৩ ছেপ্টেম্বৰত পোষ্ট কৰা এই ভিডিঅ’টো সম্প্ৰতি ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো দৰ্শন কৰিছে লক্ষ লক্ষ নেটিজেনে। এনে অসাধ্য কাৰ্য সাধন কৰা টনি ছল’মনৰ প্ৰসংশাত পঞ্চমুখ হৈ পৰিছে নেটিজেন।

Recent News

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd