NORTHEAST NOW (Assamese)

মহাবিদ্যালয়ত লাঠি-বেল্টেৰে মাৰপিট যুৱকক; জোৰকৈ থু চেলেকিবলৈ কৰা হ’ল বাধ্য

December 22, 2024 1:16 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 22, 2024 1:27 pm

বিহাৰৰ মুজাফ্ফৰপুৰ মহাবিদ্যালয়ত এজন যুৱকক লাঠি আৰু বেল্টেৰে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। কেৱল সেয়াই নহয়, কাণ দুখন ধৰি জোৰকৈ থু চেলেকিবলৈ দিয়া হয়। এই ঘটনাৰ এটা ভিডিঅ’ ভাইৰেল হৈছে। যুৱকজনৰ মাতৃয়ে তিনিজন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি প্ৰাথমিক তদন্তত মুজাফ্ফৰপুৰৰ এখন ব্যক্তিগত মহাবিদ্যালয়ত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। মহাবিদ্যালয় চৌহদৰ ভিতৰতে যুৱকজনক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। কিন্তু অভিযুক্তসকল সেই মহাবিদ্যালয়ৰ ছাত্ৰ নে নহয়, সেয়া এতিয়াও নিশ্চিত হোৱা নাই। যুৱকজনক কিয় মাৰপিট কৰা হ, সেয়া ৰেগিৰ গোচৰ হওক বা নহওক, সকলো তদন্ত চলি আছে। ইয়াৰ উপৰিও তিনিওজন অভিযুক্তৰ সন্ধান অব্যাহত আছে। আৰক্ষীয়ে ভুক্তভোগীৰ পৰা এই আক্ৰমণৰ বিষয়ে জানিবলৈ চেষ্টা চলাইছে।

যুৱকজনৰ এজন আত্মীয়ই কয় যে কলেজলৈ যাওঁতে তেওঁক কিছু লোকে ঘেৰি ধৰিছিল। ইয়াৰ পিছতে আৰম্ভ হল মাৰপিট। প্ৰথমে বেল্টৰে, তাৰ পিছত লাঠিৰে যুৱকজনক তীব্ৰ প্ৰহাৰ কৰা হল। এই ঘটনা ঘটি থকাৰ সময়ত ওচৰতে বহুত মানুহ আছিল। কিন্তু যুৱকজনক বচাবলৈ কোনে আগবাঢ়ি নাহিল বুলি দাবী কৰিছে যুৱকজনৰ আত্মীয়ই। প্ৰতিবাদ বা বাধা দিয়াটো বহু দূৰৰ কথা, বহুতে এই ঘটনাৰ ভিডিঅ আৰু ফটো তুলিছিল।

পুত্ৰক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে মাতৃয়ে। ভিডিঅটোৰ পৰাই তেওঁ এই আক্ৰমণৰ কথা জানিব পাৰিছিল। ইয়াৰ পিছত তেওঁ আৰক্ষীৰ কাষ চাপিল।

Related News