বিয়াৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে তিনি সন্তানৰ মাতৃলৈ এচিড নিক্ষেপ সহকৰ্মীৰ

Acid Attack

ভাৰতীয় পুৰুষ প্ৰধান সমাজ ব্যৱস্থাত মহিলাসকল প্ৰতিটো ক্ষণতে শোষণ আৰু উৎপীড়নৰ সন্মুখীন হৈ আহিছে। লিঙ্গ বৈষম্যৰ এই সামাজিক ব্যৱস্থাটোত মহিলা এগৰাকীয়ে প্ৰতিনিয়ত হেৰুৱাই আহিছে নিজস্ব চিন্তা-ভাৱনা তথা মত প্ৰকাশৰ স্বতন্ত্ৰতা। আৰু এই ব্যৱস্থাৰ বিৰোধ কৰা বাবেই অমানুষিক অত্যাচাৰ আৰু নিৰ্যাতনৰ সন্মুখীন হয় মহিলাসকল।

মহিলাৰ বিৰুদ্ধে এনে ভয়াৱহ অত্যাচাৰৰ আটাইতকৈ জঘন্য অপৰাধটোৱেই হৈছে এচিড আক্ৰমণ। ই এগৰাকী মহিলাৰ বাবে কেৱল শাৰীৰিক আঘাতেই নহয়, লগতে ভুক্তভোগী মহিলাগৰাকীয়ে এই আঘাতৰ দাগ সমগ্ৰ জীৱন ধৰি কঢ়িয়াব লগা হয় শৰীৰ আৰু মনত।

শেহতীয়াকৈ এচিড আক্ৰমণৰ দৰে এনে জঘন্য অপৰাধৰ বলি হৈছে বাংগালোৰৰ এগৰাকী মহিলা। বাংগালোৰ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি আজি চহৰখনৰ এগৰাকী মহিলাৰ ওপৰত এজন ব্যক্তিয়ে এচিড নিক্ষেপ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

নিজ স্বামীৰ সৈতে বিবাহ বিচ্ছেদ হোৱা তিনিটা সন্তানৰ এগৰাকী মাতৃক আগবঢ়োৱা বিবাহৰ প্ৰস্তাৱ অস্বীকাৰ কৰাৰ বাবেই দুৰ্বৃত্তই এনে নৃশংস আক্ৰমণ সংঘটিত কৰে।

দুৰ্বৃত্তজনে নিক্ষেপ কৰা এচিডৰ আক্ৰমণত ৩২ বৰ্ষীয় মহিলাগৰাকীৰ সোঁ চকুত আঘাত লাগিছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

আক্ৰমণৰ পিছতেই মহিলাগৰাকীক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয়। বৰ্তমান চিকিৎসাধীন হৈ থকা মহিলাগৰাকী অৱশ্যে বিপদমুক্ত বুলি জানিব পৰা গৈছে।

দক্ষিণ বাংগালোৰৰ আৰক্ষী উপ-আয়ুক্ত হৰিশ পাণ্ডেয়ে জানিবলৈ দিয়া মতে তাৎক্ষণিক চিকিৎসাৰ ফলত মহিলাগৰাকীয়ে আংশিকভাৱে দৃষ্টিশক্তি ঘূৰাই পাইছে।মহিলাগৰাকী সোনকালেই সম্পূৰ্ণৰূপে আৰোগ্য হ’ব বুলি আৰক্ষী বিষয়াগৰাকীয়ে আশা প্ৰকাশ কৰে।

আনহাতে এই ঘটনাৰ অভিযুক্ত ৩৬ বছৰীয়া আহমেদ বৰ্তমান পলাতক হৈ আছে বুলি জানিব পৰা গৈছে। প্ৰকাশিত খবৰ অনুসৰি আক্ৰমণৰ বলি হোৱা মহিলাগৰাকী আৰু অভিযুক্ত আহমেদে এটা ধূপ উৎপাদন কৰা কাৰখানাত একেলগে কাম কৰিছিল।

সেইসূত্ৰে প্ৰায় তিনি বছৰৰ পৰা তেওঁলোকে ইজনে সিজনক চিনি পাইছিল। আহমেদে বিগত সময়চোৱাত কেইবামাহ ধৰি মহিলাগৰাকীক বিয়া কৰাবলৈ জোৰ কৰি আহিছিল।

কিন্তু বাৰে বাৰে আহমেদৰ এই প্ৰস্তাৱ মহিলা গৰাকীয়ে প্ৰত্যাখ্যান কৰাৰ বাবে আহমেদ অতিষ্ঠ হৈ পৰে আৰু মহিলাগৰাকীক এনে ভয়াৱহভাৱে আক্ৰমণ কৰে।

বৰ্তমান পলাতক অৱস্থাত থকা আহমেদৰ সন্ধানত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে

উল্লেখ্য যে দেশত বৰ্দ্ধিত এচিড আক্ৰমণৰ ঘটনাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ে সমগ্ৰ ভাৰতত এচিডৰ বিক্ৰীৰ ক্ষেত্ৰত যথেষ্টখিনি বাধ্য-বাধকতা আৰোপ কৰিছিল যদিও সেই নিৰ্দেশনা কাগজতে সীমাবদ্ধ থাকিল।

এতিয়াও দেশত মুক্তভাৱে ক্ৰয় কৰিব পৰাকৈ উপলব্ধ এচিড। চৰকাৰী তথ্যমতেই ভাৰতবৰ্ষত প্ৰতি বছৰে ২৫০ ৰ পৰা ৩০০ টা এচিড আক্ৰমণৰ ঘটনা সংঘটিত হয়।

কিন্তু এচিড চাৰ্ভাইভাৰ্ছ ট্ৰাষ্ট ইণ্টাৰনেচনেলৰ মতে ইয়াৰ প্ৰকৃত সংখ্যা ১,০০০ ৰ সীমা অতিক্ৰম কৰিব পাৰে। এনে পৰিস্থিতিতো উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি মুকলিকৈ এচিডৰ ক্ৰয়-বিক্ৰয় চলি থকাটো নিশ্চিতভাৱে এক চিন্তনীয় বিষয়।