‘ছালাহ’ ধুমুহাত বিধ্বস্ত মানচেষ্টাৰ ইউনাইটেড, অ’ল্ড ট্ৰেফ’ৰ্ডত ‘ৰেড আৰ্মী’ৰ গলৰ বন্যা

Liverpool vs Manchester United Premier League Match

‘অ’ল্ড ট্ৰেফ’ৰ্ড’ বুলিলেই মানচেষ্টাৰ ইউনাইটেডৰ শক্তিৰ আধাৰ। ঘৰুৱা ফিল্ড অ’ল্ড ট্ৰেফ’ৰ্ডত সমৰ্থকৰ তুমুল সমৰ্থনৰ ছাঁত ইউনাইটেডক পৰাস্ত কৰাটো যথেষ্ট কঠিন।

পিছে এই কঠিনতাক তেনেই সহজ কৰি অ’ল্ড ট্ৰেফ’ৰ্ডত বিজয় ধ্বজা উৰুৱালে ‘ৰেড আৰ্মী’ খ্যাত লিভাৰপুলে। ঘৰতেই ইউনাইটেডক ৫-০ গলত বিধ্বস্ত কৰিলে লিভাৰপুলে।

লিভাৰপুলৰ এই জয়ত মুখ্য ভূমিকা লোৱা ইজিপ্তিয়ান ফুটবলাৰ ছালাহ ধুমুহাত বিপৰ্যস্ত হৈ পৰিল মানচেষ্টাৰৰ শক্তিশালী ডিফেঞ্চ।

খেলৰ ৫ মিনিটতেই ছালাহৰ পৰা পোৱা এটা চতুৰ পাছ ইউনাইটেডৰ গলপোষ্টৰ ভিতৰলৈ ঠেলি নবী কেইটাই গলৰ আৰম্ভণি কৰে।

পুনৰ ১৩ মিনিটত আলেকজেণ্ডাৰ আৰ্নল্ডে সোঁফালৰ পৰা আগবঢ়াই দিয়া এটা ক্ৰছত ডিয়েগু জ’টাই গললৈ ৰূপান্তৰ কৰি লিভাৰপুলক দ্বিতীয় অগ্ৰগতি দিয়ে।

ইয়াৰ পাছতেই আৰম্ভ হয় ছালাহৰ যাদু। খেলৰ ৩৮ মিনিটত ছালাহ আৰু ফিৰ্মিন’ই চুটি চুটি পাছেৰে ইউনাইটেডৰ গলবক্সত প্ৰৱেশ কৰাৰ পাছত ছালাহে জ’টালৈ এটা চুটি পাছ আগবঢ়াই দিয়ে। জ’টাই বলটো পুনৰ ছালাহলৈ ঠেলি দিয়ে আৰু ছালাহে গললৈ শ্বট লয় যদিও ইউনাইটেডৰ ডিফেঞ্চে তাক প্ৰতিহত কৰে।

অৱশ্যে ঘূৰি যোৱা বল পুনৰ লিভাৰপুলৰ নবী কেইটাৰ ভৰিত পৰে আৰু কেইটাই কৰা ক্ৰছত ছালাহে গল স্ক’ৰ কৰি লিভাৰপুলক ৩-০ ৰ অগ্ৰগতি প্ৰদান কৰে।

প্ৰথমাৰ্দ্ধৰ ইনজুৰি টাইমত জ’টাৰ পৰা পোৱা পাছক গলত কাৰ্যকৰী কৰি ব্যক্তিগত দ্বিতীয় আৰু দলৰ হৈ চতুৰ্থটো গলৰ সোৱাদ দিয়ে ছালাহে।

দ্বিতীয়াৰ্দ্ধৰ পঞ্চম মিনিটত হেণ্ডাৰচনে মিডফিল্ডৰ পৰা ঠেলি দিয়া এটা দৰ্শনীয় পাছত ছালাহে ইউনাইটেডৰ গলৰক্ষক ডে গয়াক পৰাস্ত কৰি বল নেটলৈ ঠেলি পঠিয়াই আৰু হেট্ৰিক সম্পূৰ্ণ কৰে।

এনেদৰে প্ৰিমিয়াৰ লীগত মানচেষ্টাৰৰ বিৰুদ্ধে ঘৰুৱা ফিল্ড অ’ল্ড ট্ৰেফ’ৰ্ডত হেট্ৰিক অৰ্জন কৰা প্ৰথম ফুটবলাৰত পৰিণত হয় ছালাহ।

খেলৰ ৬০ মিনিটত ইউনাইটেডৰ মিডফিল্ডাৰ পগবাই নবী কেইটাক ফাউল কৰাৰ বাবে ৰেড কাৰ্ড লাভ কৰি খেলপথাৰ এৰিব লগীয়া হয়। বিধিনিষিদ্ধ ভাৱে খেলাৰ বাবে মানচেষ্টাৰ ইউনাইটেডৰ ছয়জন খেলুৱৈক ৰেফাৰীয়ে হালধীয়া কাৰ্ড প্ৰদৰ্শন কৰে।

খেলখনত সম্পূৰ্ণ দমনীয় প্ৰদৰ্শনেৰে ইউনাইটেডক নিষ্প্ৰভ কৰি তোলে লিভাৰপুলে। সমগ্ৰ খেলখনত অধিক সময় বল নিজৰ দখলত ৰাখে লিভাৰপুলে ।

এই জয়েৰে লিভাৰপুলে পইন্ট তালিকাৰ দ্বিতীয় স্থানলৈ উন্নীত হয়। খিতাপ জয়ৰ দৌৰত শীৰ্ষ স্থানত থকা চেলছীতকৈ এক পইণ্টৰ ব্যৱধানত পিছ পৰি আছে লিভাৰপুল। আনহাতে পইণ্ট তালিকাৰ সপ্তম স্থানত অৱস্থান কৰিছে মানচেষ্টাৰ ইউনাইটেডে।