শ্বপিং মলৰ উদ্বোধনৰ দিনাই কাৰণ দৰ্শোৱাৰ জাননী মঙলদৈ পৌৰসভাৰ

bazaar-750x375

ফটো : নৰ্থ-ইষ্ট নাও

ব্যৱসায় প্ৰসাৰৰ বাবে মঙলদৈত ‘বাজাৰ ইণ্ডিয়া ফেমিলী’ নামৰ ব্যৱসায়িক গোষ্ঠীটোৱে বৃহস্পতিবাৰে এটা শ্বপিং মলৰ দ্বাৰ মুকলি কৰাৰ সময়তে বাধাৰ সন্মুখীন হ’বলগীয়া হ’ল পৌৰসভাৰ।

শ্বপিং মলটোৰ উদ্বোধনীৰ দিনাই মঙলদৈ পৌৰসভাই গ্ৰহণ কৰা কঠোৰ স্থিতিয়ে ব্যৱসায়িক গোষ্ঠীটোক অস্বস্তিত পেলোৱা পৰিলক্ষিত হয়।

অভিযোগ অনুসৰি ব্যৱসায়িক গোষ্ঠীটোৱে মঙলদৈ চহৰৰ লক্ষ্মীনাথ বেজবৰুৱা পথৰ পাঁচ নম্বৰ ৱাৰ্ডত এটি ব্যৱসায়িক গৃহ ব্যৱহাৰ কৰি বৃহস্পতিবাৰে বিয়লি শ্বপিং মলটোৰ দ্বাৰ মুকলিৰ ব্যৱস্থা কৰে।

কিন্তু উক্ত স্থান মঙলদৈ পৌৰসভাৰ অন্তৰ্গত হোৱা সত্ত্বেও ব্যৱসায়িক অনুজ্ঞাপত্ৰ নোলোৱাকৈয়ে ব্যৱসায় আৰম্ভ কৰাত পৌৰসভা কৰ্তৃপক্ষ ক্ষুণ্ণ হৈ ঘৰটোৰ গৰাকী দুই নম্বৰ বামুনপাৰা নিবাসী পঞ্চানন শৰ্মালৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰে।

জাননীত উল্লেখ কৰা মতে, ১৯৫৬ৰ অসম পৌৰ আইন অনুযায়ী বিধি সংক্ৰান্তত ২২৩/৬৮ ধাৰা আৰু মঙলদৈ পৌৰসভাৰ ২০১৬ৰ ২৫ জানুৱাৰীৰ সাধাৰণ সভাৰ ২২ নম্বৰ প্ৰস্তাৱ অনুসৰি ব্যৱসায়িক অনুজ্ঞাপত্ৰ লোৱাটো বাধ্যতামূলক। কিন্তু শ্বপিং মল কৰ্তৃপক্ষই তেনে অনুজ্ঞাপত্ৰ লোৱা নাই। সেয়ে ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে জাননী জাৰি কৰাৰ লগতে আইন অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হব বুলি সকীয়াই দিয়ে।

ইফালে মঙলদৈ পৌৰসভাৰ পদক্ষেপক বিভিন্ন দল-সংগঠন আৰু ব্যক্তিয়ে আদৰণি জনোৱাৰ লগতে অন্যান্য প্ৰতিষ্ঠানৰ বিৰুদ্ধেও অনুৰূপ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।