দেশৰ আগশাৰীৰ সংগীত শিল্পীৰ উপস্থিতিত আজিৰে পৰা মাজুলীত ‘মনগীত ফেষ্টিভেল’

Adil Hussain

বন্তি প্ৰজ্বলনৰ সময়ত অভিনেতা আদিল হুছেইন

সংগীত জগতৰ বহুকেইজন অগ্ৰণী ব্যক্তি একগোট হৈ নৱ প্ৰজন্মৰ প্ৰতিভাসম্পন্ন সংগীত শিল্পী সকলক  উদগনি দিয়াৰ উদ্দেশ্যে আয়োজিত  মন গীত ফেষ্টিভেল আজিৰ পৰা মাজুলীত উলহ মালহেৰে আৰম্ভ হৈছে।

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইন, সাংস্কৃতিক কৰ্মী কৌশিক নাথৰ প্ৰয়াসত আয়োজিত মনগীত ফেষ্টিভেলৰ লগত জড়িত হৈছে জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত, জয় বৰুৱা, ধ্ৰুৱজ্যোতি ফুকন, কল্যান বৰুৱা, ভূপেন উজিৰ, পুলক বেনাৰ্জী, তৰালী শৰ্মাকে ধৰি ভালেকেইগৰাকী আগশাৰীৰ শিল্পী তথা কলা কুশলী।

ইয়াৰ উপৰিও এই মন গীত প্ৰকল্পত জড়িত হৈছে জনপ্ৰিয় সংগীত শিল্পী অনুৰাগ শইকীয়া, নিলোৎপল বৰা, শংকুৰাজ কোঁৱৰ, দিগন্ত ভাৰতী, মানস ৰবীন, ৰূপম ভূঞা, চন্দন চক্ৰৱৰ্তী, গীতিকাৰ ইবছনলাল বৰুৱা, মানস মহন্ত,  শশাংক সমীৰ, চলচ্চিত্ৰ নিৰ্মাতা উৎপল বৰপূজাৰী, অভিনেতা মিণ্টু বৰুৱা।

মাজুলীৰ গড়মূৰৰ লুইতৰ পাৰত আজিৰ পৰা তিনিদিয়াকৈ অনুষ্ঠিত হোৱা মনগীত উৎসৱত আছে সংগীত বিষয়ক আলোচনা, Jamming Session আৰু মাষ্টাৰ ক্লাছ ।

পাঁচগৰাকী নিমন্ত্রিত সংগীতশিল্পীকে ধৰি ২৭ গৰাকী উদীয়মান সংগীত শিল্পীই এই মন গীত অনুষ্ঠানত অংশ লৈছে।

অনুষ্ঠানখনিত ১৪০ গৰাকী নৱ প্ৰজন্মৰ সংগীতজ্ঞৰ ১৪০ টা গীত মুকলি কৰা হ’ব।

মাজুলীৰ ঐতিহাসিক সত্ৰ সমূহৰ সত্ৰাধিকাৰ সকলৰ উপস্থিতিত বন্তি প্ৰজ্বলনেৰে আজিৰে পৰা মনগীত মহোৎসৱৰ শুভাৰম্ভণি কৰা হয়।