• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুখ্যমন্ত্ৰী মাণিক সাহাৰ শপত গ্ৰহণ, উপস্থিত থাকিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 8, 2023 12:53 pm
183
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে মাণিক সাহাই পুনৰবাৰ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেওঁৰ লগত আৰু আঠগৰাকী মন্ত্ৰীয়ে পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰে।

শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ থাকে।

শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ নেডাৰ আহ্বায়ক ডঃ হিমন্ত বিশ্ব শৰ্মা, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিং আৰু ছিকিমৰ মুখ্যমন্ত্ৰী পি এছ তামাং। বিগত বৰ্ষত মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰিত হোৱা ত্ৰিপুৰাৰ বিজেপিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱো মঞ্চত উপস্থিত আছিল।

উল্লেখ্য, ২০১৬ চনত বিজেপিত যোগদান কৰিছিল মাণিক সাহাই। ২০২২ চনত বিপ্লৱ দেৱক অপসাৰণ কৰি বিজেপিয়ে তেওঁক মুখ্যমন্ত্ৰীত্বৰ দায়িত্ব দিছিল। ২০২০ চনৰ পৰা ২০২২ চনলৈ তেওঁ ত্ৰিপুৰা বিজেপিৰ সভাপতি আছিল। ৭০ বছৰীয়া মাণিক সাহা পেছাত এগৰাকী দন্ত চিকিৎসক।

ইফালে বিৰোধী কংগ্ৰেছ আৰু চিপিএমৰ নেতৃত্বত বাওঁপন্থী দলসমূহে এই শপত গ্ৰহণ অনুষ্ঠান বৰ্জন কৰে। বিজেপি সমৰ্থকৰ হিংসাৰ অভিযোগ উত্থাপন কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে।

বাওঁ মঞ্চৰ এক বিবৃতিত কোৱা হৈছে যে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা চিপিএমৰ পলিটব্যুৰোৰ সদস্য মাণিক সৰকাৰ আৰু চিপিএম, চিপিআই, আৰএছপি আৰু ফৰৱাৰ্ড ব্লকৰ সম্পাদকসকলক ৰাজ্য চৰকাৰে শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনাইছিল যদিও ফ্ৰ’ণ্টে এই নিমন্ত্ৰণ গ্ৰহণ নকৰি কাৰ্যসূচী বৰ্জন কৰাৰ সিদ্ধান্ত লয়।

যোৱা ২ মাৰ্চত বিধান সভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছৰে পৰা সমগ্ৰ ৰাজ্যতে ‘বিজেপি সমৰ্থক আৰু গুণ্ডাই হিংসাত্মক পৰিৱেশৰ সূচনা কৰিছে।

কংগ্ৰেছেও ইয়াৰ প্ৰতিবাদতে শপতগ্ৰহণ বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে। ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী তথা প্ৰাক্তন মন্ত্ৰী বীৰজিৎ সিনহাই কয় যে ২ মাৰ্চত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছৰে পৰা ত্ৰিপুৰাত হাজাৰৰো অধিক হিংসাত্মক ঘটনা সংঘটিত হৈছে। শাসকীয় বিজেপিক দোষাৰোপ কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে ধাৰাবাহিক হিংসাত্মক ঘটনাত কমেও তিনিজন লোক নিহত হোৱাৰ লগতে ২০০ৰো অধিক লোক আহত হৈছে।

Recent News

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd