মণিপুৰৰ ন’নী জিলাত আজি সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। জিলাখনৰ লংছাই অঞ্চলৰ সমীপৰ পুৰণি কাছাৰ পথৰ কাষত এখন স্কুল বাছ বাগৰি পৰাৰ ফলত থিতাতে ৭ গৰাকী ছাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ৪০ গৰাকীৰো অধিক ছাত্ৰী আহত হয়।
আহত শিক্ষাৰ্থীসকলৰ ভিতৰত দহগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, থৌবাল জিলাৰ থাম্বালনু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক কঢ়িয়াই নিয়া বাছখন নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰি পৰিছিল।
মণিপুৰৰ ন’নী জিলাৰ খৌপুমলৈ শিক্ষামূলক ভ্ৰমণৰ উদ্দেশ্যে দুখন বাছত বিদ্যালয়খনৰ শিক্ষাৰ্থীসকল যাত্ৰা কৰিছিল। ৰাজ্যখনৰ ৰাজধানী ইম্ফলৰ পৰা প্ৰায় ৫৫ কিলোমিটাৰ নিলগৰ মণিপুৰৰ লংছাই অঞ্চলৰ সমীপত বাছখন দুৰ্ঘটনাত পতিত হয়।
আহত ৪০ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ১৪ গৰাকীক ইম্ফলৰ ৰিজিঅ’ন ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (আৰ আই এম এছ), আৰু ২৬ গৰাকীক ইম্ফলৰ ৰাজ মেডিচিটি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
এই দুৰ্ঘটনাৰ পাছতে মণিপুৰৰ শিক্ষামন্ত্ৰী বসন্তকুমাৰ ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয়। আনহাতে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙেও ৰিমছ আৰু ৰাজ মেডিচিটিত উপস্থিত হৈ আহত শিক্ষাৰ্থীসকলৰ স্বাস্থ্যৰ বুজ লয়।