NORTHEAST NOW (Assamese)

জম্মু-কাশ্মীৰৰ বিৰুদ্ধে মণিপুৰৰ মায়াংক ৰাঘৱৰ দুৰ্দান্ত শতৰাণ

February 28, 2019 12:43 pm · এন ই নাও নিউজ
জম্মু-কাশ্মীৰৰ শুভম সিঙৰ আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

ছৈয়দ মুস্তাক আলী টি-২০ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত হোৱা এখন খেলত মণিপুৰৰ অপেনিং বেটছমেন মায়াংক ৰাঘৱে জম্মু-কাশ্মীৰৰ বিৰুদ্ধে দুৰ্দান্ত শতৰাণ অৰ্জন কৰে।

পোন প্ৰথমবাৰৰ বাবে সৰ্বভাৰতীয় পৰ্য্যায়ৰ ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা মণিপুৰ ক্ৰিকেট দলটোৰ অপেনাৰ জনে এঘাৰটা চাৰি আৰু পাঁচটা ছয়েৰে ৬৬ টা বলত ১০৩ ৰাণ সংগ্ৰহ কৰে।

আনহাতে, মায়াংকৰ বিস্ফোৰক শতৰাণৰ পিছতো জম্মু-কাশ্মীৰৰ হাতত আঠ উইকেটত পৰাস্ত হয় মণিপুৰ। প্ৰথমে বেট ধৰি মণিপুৰে নিৰ্ধাৰিত ২০ অভাৰত ছয়টা উইকেট হেৰুৱাই ১৮২ ৰাণ সংগ্ৰহ কৰে। মায়াংকৰ উপৰি মণিপুৰৰ হৈ শুভম খাজুৰিয়াই অৰ্ধশতৰাণ সংগ্ৰহ কৰে।

মণিপুৰে বান্ধি দিয়া ১৮৩ ৰাণৰ বিজয় লক্ষ্য আগত ৰাখি খেলিবলৈ নমা জম্মু-কাশ্মীৰে ১৭.১ অভাৰতে ২ টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। জম্মু-কাশ্মীৰৰ হৈ যতীন ৱাধান আৰু বনদ্বীপ সিঙে ব্যক্তিগতভাবে ৫৯ ৰাণৰ বৰঙণি যোগাই দলৰ বিজয় সহজ কৰি তোলে।

উল্লেখযোগ্য যে, ৰঞ্জী ট্ৰফী প্ৰতিযোগিতাতো মণিপুৰৰ বাওঁহতীয়া বেগী বলাৰ ৰেক্স সিঙে এটা ইনিংছত ১০ টা উইকেট দখল কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। এই প্ৰদৰ্শনৰ সুবাদতে সিঙে ভাৰতীয় ১৯ বছৰ অনূৰ্ধ্ব দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।

Related News