মণিপুৰৰ খেতিয়কে উৎপাদন কৰিলে ৭.৬ কিলোগ্ৰাম ওজনৰ জৈৱিক বন্ধাকবি

মণিপুৰৰ সেনাপতি জিলাৰ লিয়াই খুনোউ গাঁৱৰ এগৰাকী খেতিয়কে নিজ খেতিপথাৰত ৭.৫ কেজি ওজনৰ বৃহৎ বন্ধাকবি উৎপাদন কৰাৰ আলোকচিত্ৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

সাধাৰণতে বন্ধাকবিৰ ওজন ৫০০ গ্ৰামৰ পৰা ২০০০ গ্ৰামৰ ভিতৰত হয়।

মণিপুৰৰ কৃষক গৰাকীয়ে সম্পুৰ্ণৰূপে পৰম্পৰাগত পদ্ধতি ব্যৱহাৰ কৰি ইমান বৃহৎ আকাৰৰ বন্ধাকবি উৎপাদন কৰা বাবেই খবৰটো ছ’চিয়েল মিডিয়াত চৰ্চিত হৈছে।

নাগালেণ্ডৰ জনপ্ৰিয় ফেইচবুক পেইজ ‘নাগা হিলছ’ত আপলোড কৰা বন্ধাকবিৰ ফটোখনে ৬৫০০০ লাইক লাভ কৰাৰ লগতে ১০০০ লোকে ইয়াক শ্বেয়াৰ কৰিছে।

বহুসংখ্যক ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে খেতিয়ক গৰাকীৰ প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে নাগালেণ্ডত জৈৱিক কৃষি পদ্ধতিৰ প্ৰচলনক প্ৰশংসা কৰে।

‘‘মই ভাবো জৈৱিক পাচলি, ফল, বাঁহক লৈ এটা সুকীয়া মন্ত্ৰ্যালয় গঠন কৰা দৰকাৰ,’’ এগৰাকী ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এইদৰে লিখে।