ইতিহাস গঢ়িলে মণিপুৰৰ ফুটবলাৰ বালা দেৱীয়ে

bala-devi-

বালা দেৱী

মণিপুৰবাসীৰ লগতে ভাৰতক গৌৰৱান্বিত কৰি বিদেশী ক্লাবৰ সৈতে জড়িত হৈ পৰা একমাত্ৰ পেচাদাৰী ভাৰতীয় মহিলা ফুটবলাৰত পৰিণত হ’ল প্ৰতিভাৱান ফুটবলাৰ বালা দেৱী নাংগম।

ফুটবলাৰ গৰাকীয়ে গ্লাছগ’স্থিত স্কটিছ ৰেঞ্জাৰ্ছ ফুটবল ক্লাবৰ সৈতে চুক্তিবদ্ধ হোৱাৰ লগে লগে এই ইতিহাস গঢ়ে।

ট্ৰায়েলত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰাৰ পৰিপ্ৰেক্ষিততে তেওঁক ৰেঞ্জাৰ্ছ এফ চিয়ে ১৮ মাহৰ বাবে চুক্তিবদ্ধ কৰে।

ভাৰতৰ লগতে দক্ষিণ এছিয়াৰ ভিতৰতে সৰ্বাধিক গ’ল দাতাৰ তালিকাত প্ৰথম স্থানত থকা বালা দেৱীৰ কেৰিয়াৰৰ বাবে এয়া এক ডাঙৰ উপলব্ধি বুলি ফুটবল বিষেষজ্ঞ সকলে অভিহিত কৰিছে।

২৯ বছৰীয়া বালা দেৱীয়ে পূৰ্বতে ভাৰতক নেতৃত্ব দিয়াৰ লগতে ২০১০ চনৰ পৰা খেলা ৫৮ খন আন্তঃৰাষ্ট্ৰীয় মেচত ৫২টা গ’ল কৰিছে।

উল্লেখ্য যে ৰেঞ্জাৰ্ছৰ সৈতে চুক্তিবদ্ধ হোৱাৰ লগে লগে তেওঁ ভাৰতৰ একমাত্ৰ সম্পূৰ্ণ পেচাদাৰী ফুটবলাৰত পৰিণত হয়।

এই ঐতিহাসিক মূহুৰ্তৰ পিছতে বালা দেৱীয়ে নিজৰ মনৰ ভাব প্ৰকাশ কৰি কয়, ‘য়ুৰোপৰ এটা বিখ্যাত তথা ডাঙৰ ক্লাবৰ হৈ মই ফুটবল খেলিম বুলি সপোনতো ভবা নাছিলো’।

২০১৪ আৰু ২০১৫ বৰ্ষত অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ ‘উইমেনছ প্লেয়াৰ অব দ্যা ইয়েৰ’ বঁটা লাভ কৰা ২৯ বছৰীয়া বালা দেৱী বৰ্তমান মণিপুৰ আৰক্ষী বিভাগত কৰ্মৰত।