NORTHEAST NOW (Assamese)

জ্বলিছে মণিপুৰ: গড়কাপ্তানি মন্ত্ৰীৰ বাসগৃহত আক্ৰমণ, বৃদ্ধি পাইছে হিংসাত্মক ঘটনা

May 25, 2023 11:07 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 25, 2023 10:55 am

আৰু অধিক উত্তপ্ত হৈ পৰিছে মণিপুৰ। বৃদ্ধি পাইছে হিংসাত্মক ঘটনাৰ। এনে উত্তপ্ত পৰিস্থিতিৰ মাজতে উত্তেজিত জনতাই বুধবাৰে আক্ৰমণ কৰে ৰাজ্যখনৰ গড়কাপ্তানি মন্ত্ৰী গোবিন্দাস কণ্টৌজামৰ বাসগৃহত।

বুধবাৰে সন্ধিয়া বিষ্ণুপুৰ আৰক্ষী থানাৰ অধীনস্থ নিংথৌখং বজাৰত অৱস্থিত গোবিন্দাস কণ্টৌজামৰ বাসগৃহত একাংশ উত্তেজিত লোকে আক্ৰমণ কৰি বাসগৃহ লণ্ডভণ্ড কৰাৰ পাছতে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে।

প্ৰকাশিত বাতৰি অনুসৰি, মন্ত্ৰীগৰাকীৰ বাসগৃহত উত্তেজিত লোকৰ এক বৃহৎ দলে বলপূৰ্বকভাৱে প্ৰৱেশ কৰি সন্মুখৰ চোতালত ৰখাই থোৱা কিছু আচবাব, খিৰিকীৰ কাঁচ, আৰু বাহনৰ ব্যাপক ক্ষতিসাধন কৰাৰ লগতে বাসগৃহৰ লগত সংলগ্ন কাৰ্যালয়ৰ ফাইলতো জুই লগাই দিয়ে।

অৱশ্যে এই হিংসাত্মক ঘটনাৰ সময়ত মন্ত্ৰীগৰাকী বাসগৃহত উপস্থিত নাছিল বুলি জানিব পৰা গৈছে।

ইফালে মহিলাৰে গঠিত আন এটা দলে মইৰাং লামখাইৰ পৰা থিনুংগেইলৈ যোৱা পথ অৱৰোধ কৰে। চি আৰ পি এফ আৰু আৰ এ এফৰ কনভয়ক মৈৰাঙলৈ আগবাঢ়ি যোৱাত বাধা প্ৰদান কৰে এই প্ৰতিবাদী দলটোৱে।

আনহাতে চুৰাচান্দপুৰ জিলাৰ হেঙেলেপ মহকুমাৰ লোকটক জলবিদ্যুৎ প্ৰকল্পৰ সমীপত অৱস্থিত মণিপুৰ মাউণ্টেইনিং এণ্ড ট্ৰেকিং এছ’চিয়েশ্যন (এমএমটিএ)ৰ প্ৰশিক্ষণ কমপ্লেক্স হিচাপে কাম কৰা মণিপুৰ মাউণ্টেইনিং ইনষ্টিটিউট কমপ্লেক্সত বুধবাৰে সন্ধিয়া অগ্নিসংযোগ কৰে অস্ত্ৰধাৰী দুষ্কৃতিকাৰীৰ এটা দলে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা এনেধৰণৰ হিংসাত্মক কাৰ্যৰ পৰিণতিত অস্থিৰ হৈ পৰিছে মণিপুৰ।

Related News