• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

জোনমণি ৰাভা

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
May 25, 2023 11:51 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জোনমণি ৰাভা হেৰাই থাকিল। এটি সম্ভাৱনা অকালতে মৰহি গ’ল। বৰ দুখ লগা কথা। ঘটনাৰ আগদিনা সৰু ছোৱালী এজনীৰ সৈতে নাচি থকা জোনমণিৰ ভিডিওটো চালে চকুৰ পানী ৰাখিব নোৱাৰি। জোনমণি এজনী সক্ৰিয় আৰু সপ্ৰতিভ ছোৱালী আছিল। তেওঁ নোহোৱা হ’ল। জোনমণিৰ পৰিয়াল আৰু মাকৰ কথা ভাবকচোন! কেনে লাগে! মূল প্ৰশ্নটো হ’ল- জোনমণি ৰাভাই আত্মহত্যা কৰিছে নে কোনোবাই তেওঁক হত্যা কৰিছে? এই মুহূৰ্তত সেই প্ৰশ্নৰ উত্তৰ আমাৰ হাতত নাই। এই প্ৰশ্নৰ সঠিক উত্তৰ এদিন ওলাব নে নোলায় সিও এতিয়া অনিশ্চিত। কিন্তু, বহুতৰে সন্দেহ- ছোৱালীজনী যেন কিবা এটা ষড়যন্ত্ৰৰ বলি হ’ল।

জোনমণিৰ নামটো কিয় চৰ্চালৈ আহিছিল? এজন ৰাজনীতিকক মুখে মুখে জবাব দিয়াৰ কাৰণে, জবাব দিবলৈ ভয় নকৰা কাৰণে। তেওঁৰ সাহসৰ বাবে। জোনমণি নোহোৱা হ’ল। কিন্তু, জোনমণি নীৰৱে আমাৰ মাজৰ পৰা আঁতৰি নগ’ল। জোনমণিয়ে গোটেইখন তল-ওপৰ কৰি থৈ গ’ল। জোনমণিয়ে যেন এক বীৰাংগণাৰ দৰেহে এই পৃথিৱীৰ পৰা বিদায় ল’লে। যোৱাৰ আগতে জোনমণিয়ে দুটা কাম কৰি থৈ গ’ল।

Apply Now

প্ৰথম কথা, সকলোৰে অভিযোগ এটা তেওঁ যেন সঁচা কৰি থৈ গ’ল। সাধাৰণ মানুহৰ পুলিচ সম্পৰ্কে কি মনোভাৱ বা সততে পুলিচৰ বিৰুদ্ধে কি অভিযোগ? পুলিচক সাধাৰণ মানুহে বিশ্বাসত লয়নে? পুলিচক সাধাৰণ মানুহে ভয় কৰে নে সন্মান কৰে? সাধাৰণ মানুহৰ দুখ-দুৰ্গতি বা বিপদ-আপদত পুলিচে তেওঁলোকক সহায়ৰ হাত আগবঢ়ায় নে তাৰ সুযোগ লৈ তেওঁলোকৰ পৰা দুপইছা সৰকায়? পুলিচে দুষ্ট চক্ৰ উৎখাৎ কৰে নে পইছাৰ বিনিময়ত দুষ্টচক্ৰক প্ৰশ্ৰয়হে দিয়ে? তলে-ওপৰে পুলিচৰ মানুহ দুৰ্নীতিত জড়িত হয় নে নহয়? পুলিচ প্ৰশাসন সম্পৰ্কে মানুহৰ এই ধৰণৰ অভিযোগ আছে নে নাই? জোনমণিৰ আত্মহত্যা/হত্যাৰ ঘটনাটোৱে কি প্ৰমাণ কৰিলে? কিমান অভিযোগ, প্ৰতি অভিযোগ? এই মুহূৰ্তত প্ৰচাৰ মাধ্যম আৰু বিতৰ্কৰ ধোৱাত সকলো ধুঁৱলী-কুঁৱলী?

কিন্তু এটা কথা ঠিক, ক’ৰবাত কিবা যেন এটা গণ্ডগোল, কিবা যেন এটা ডাঙৰ খেলিমেলি। এই খেলিমেলিৰ লগত কোন কোন জড়িত? কোনে জানে, সেই শিপা কিমান দূৰলৈ বিয়পি আছে? শিপা যিমানেই দূৰলৈ যাব, ঘটনা সিমানেই ৰহস্যাবৃত হৈ পৰিব। অনুসন্ধান প্ৰতিটো স্তৰতে থমকি ৰ’ব। চি আই ডি, চি বি আইৰ তদন্ত নিৰপেক্ষ হ’বনে? বৰ্তমান চৰকাৰৰ দিনত এই সংস্থাবোৰ স্বতন্ত্ৰ আৰু নিৰপেক্ষ হৈ আছেনে? বোধহয় সৎ ভাবমূৰ্তিৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এজনক তদন্তৰ দায়িত্ব দিলেহে আচল কথাটো পোহৰলৈ আহিব। এইটো হ’ল প্ৰথম কথা।

দ্বিতীয় কথাটো আৰু বেছি গুৰুত্বপূৰ্ণ। ইমান কম সময়ৰ ভিতৰতে অসমখন কেনেকৈ এক নৈৰাজ্যত পতিত হ’ল দেখিলেনে? এই সন্দৰ্ভত প্ৰাক্তন আই পি এচ বিষয়া দ্বয়, ভায়লেট বৰুৱাই কোৱা কথাবোৰ আপোনালোকে শুনিছে বা জ্যোতিৰ্ময় চক্ৰবৰ্তীয়ে সামাজিক মাধ্যমত লিখা কথাখিনি পঢ়িছে নিশ্চয়।

চক্ৰবৰ্তীয়ে লিখিছে “যদি দুৰ্ঘটনা হয়, সি আকস্মিক নে আত্মহত্যা, তাৰো তথ্য পাবলৈ বেছি কঠিন নহয়। যদি হত্যা হয়, তেন্তে হত্যাকাৰীক চিনাক্ত কৰি সাক্ষ্য প্ৰমাণ সংগ্ৰহ কৰাটো তদন্তৰ মূল কাম হ’ব। কিন্তু পৰিতাপৰ কথা এই যে তদন্তৰ এই মূল কামতেই ঘূণে ধৰিছে, যিটো মই আগতে কৈ অহা unprofessional কাৰ্য্যপ্ৰণালীৰ ভিতৰৰে এটা। এফালে অসমৰ conviction rate দেশৰ ভিতৰতে সৰ্বনিম্ন (অসম আৰক্ষীয়ে নিজে দিয়া তথ্য)। আনফালে কষ্টকৰ তদন্ত কৰাৰ পৰিবৰ্তে কাৰোবাক অপৰাধী সজাই এনকাউন্টাৰ কৰি দিয়াটোৱে এতিয়া পৃষ্ঠপোষকতা পাইছে, আনকি একাংশ অজ্ঞানী (এই শব্দটো আমি অতি দুখেৰে লিখিব লগীয়া হৈছে) ৰাইজকো উৎফুল্লিত কৰি তুলিবলৈ লৈছে। আইনবহিৰ্ভূত পদ্ধতিৰে কাম কৰি থাকিলে আইনৰ নিয়মবোৰ পাহৰি যোৱাটোৱেই স্বাভাৱিক। নতুন আৰক্ষীয়ে কেতিয়াও শুদ্ধকৈ কাম কৰিবলৈ শিকিবই নোৱাৰিব। এই পদ্ধতিবোৰ দুয়োফালে ধাৰ থকা তৰোৱাল। আনক কাটোঁতে কেতিয়াবা নিজেও কটা যাব।”

এতিয়া আপোনালোকে অসমৰ মুখ্যমন্ত্ৰীয়ে ২০২১ চনৰ জুলাই মাহত অসম আৰক্ষীক দিয়া পৰামৰ্শলৈ মনত পেলাওক।আৰু তাৰ পিছত অসমত পুলিচ এনকাউন্টাৰ কি হাৰত বৃদ্ধি পাইছিল সেইটোও মনত পেলাওক। এজন সৎ পুলিচ বিষয়াই মোক কৈছে- আইনৰ শাসন মানি কাম কৰাই মস্কিল। তাতে যদি কাৰোবাৰ মুখৰ কথাকে আইন বুলি ধৰি লোৱা হয়, তেন্তে কেনে নৈৰাজ্যৰ সৃষ্টি হ’ব আপুনি ভাবি চাওক। আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে সেইটো। আইন মতে, নিয়ম মতে কাম কৰাৰ সলনি অসমত এতিয়া নিজৰ মইমতালিৰে কাম কৰাৰ পৰম্পৰা এটা আৰম্ভ হৈছে।

গতিকে কাৰো ক’তো প্ৰশাসনিক নিয়ন্ত্ৰণ নোহোৱা হৈছে। এসময়ত, সৰ্বানন্দ সোণোৱালৰ পাহাৰ-ভৈয়ামৰ আহ্বানৰ কথা শুনি শুনি আমি আমনি পাইছিলোঁ। এতিয়া দেখিছোঁ, বৰ্তমানৰ অপশাসন আৰু নৈৰাজ্যতকৈ সেই নিশকতীয়া আৰু নিৰ্দোষী পাহাৰ-ভৈয়ামৰ আহ্বানেই যেন ভাল আছিল। ইমান ক’ম সময়ৰ ভিতৰতে গোটেইখন অসম থান-বান হৈ গ’ল। সকলো বান্ধোন সুলকি পৰিল।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd