কৰ’না ভাইৰাছ : মণিপুৰ চৰকাৰে কাৰ্য্যালয়ত বন্ধ কৰিলে বায়’মেট্ৰিক ব্যৱস্থা

Biomatric-attendance

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

সমগ্ৰ বিশ্বৰ লগতে শেহতীয়াকৈ ভাৰতত সংক্ৰমিত হোৱা মহামাৰী কৰ’না ভাইৰাছ প্ৰতিৰোধ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে অসমৰ চুবুৰীয়া ৰাজ্য মণিপুৰে।

মণিপুৰ চৰকাৰে কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত সকলো চৰকাৰী কাৰ্য্যালয়ৰ পৰা উপস্থিতিৰ প্ৰমাণৰ বাবে বায়’মেট্ৰিক ব্যৱস্থা বন্ধ কৰি দিছে।

মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেণ সিঙে বৃহস্পতিবাৰে এই সম্বন্ধে মতামত প্ৰকাশ কৰি চৰকাৰে কৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে সকলো ধৰণৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে।

ৰাজ্যৰ স্বাস্থ্য বিভাগে ১৮  জানুৱাৰিৰ পৰাই কৰ’না ভাইৰাছ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰি আহিছে বুলিও মুখ্য মন্ত্ৰী সিঙে উল্লেখ কৰে।

ইম্ফল আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ উপৰিও ৰাজ্যখনৰ বহুকেইটা গুৰুত্বপূৰ্ণ স্থানত কৰ’না ভাইৰাছ চিনাক্তকৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে বুলি সিঙে লগতে জনায়।

‘‘বৰ্তমানলৈ ইম্ফল বিমান বন্দৰত ১,২১,৬২৯ গৰাকী যাত্ৰী, যাৰ ভিতৰত ৬৮,১৮০ গৰাকী বিমান যাত্ৰীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হৈছে,’’ বীৰেণ সিঙে কয়।

আনহাতে, মুখ্য মন্ত্ৰী সিঙে ৰাজ্যৰ জনসাধাৰণলৈ হাত ধোৱা, মাস্ক পৰিধান কৰাকে আদি সকি প্ৰাথমিক কৰ’না ভাইৰাছ প্ৰতিৰোধী ব্যৱস্থা সমূহ পালন কৰিবলৈ আহ্বান জনায়।