উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত আটাইতকৈ হিংসাত্মক ৰাজ্য মণিপুৰ

manipur-poll-violence-1140x570

২০১৮ বৰ্ষত নিৰ্বাচনৰ সময়ছোৱাত মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ ফাইল চিত্ৰ। উৎস: TV grab

২০১৮ বৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত আটাইতকৈ হিংসাত্মক ৰাজ্য হিচাপে বিবেচিত হৈছে মণিপুৰ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি, বিগত বৰ্ষত অঞ্চলটোত সংঘটিত মুঠ ঘটনাসমূহৰ ভিতৰত ৫০ শতাংশই সংঘটিত হৈছে মণিপুৰত।

অৱশ্যে, বিগত ১৪ বছৰত উগ্ৰবাদৰ আৰু সাধাৰণ নাগৰিকৰ মৃত্যুৰ সংখ্যা হ্ৰাস পোৱা বুলি কোৱা হৈছে।

মণিপুৰত ২০১৮ বৰ্ষত উগ্ৰপন্থী সংক্ৰান্তীয় ঘটনা ২০১৭ বৰ্ষৰ ১৬৭টাৰ তুলনাত ২৪ শতাংশ হ্ৰাস পাইছে আৰু সাধাৰণ নাগৰিকৰ মৃত্যুৰ ঘটনা ২০১৭ বৰ্ষৰ ২৩টাৰ পৰা ২০১৮’ত ৮ টালৈ হ্ৰাস পাইছে।

মণিপুৰত ২০১৮ বৰ্ষত মুঠ ১২৭টা হিংসাত্মক ঘটনা সংঘটিত হৈছে। এই বৰ্ষত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত মুঠ ২৫২টা হিংসাত্মক ঘটনা সংঘটিত হৈছে।

প্ৰতিবেদন অনুসৰি, ২০১৮ বৰ্ষত মণিপুৰত উগ্ৰপন্থীৰ বিৰুদ্ধে চলা অভিযানত ১০জন বিদ্ৰোহী নিহত হৈছে, ৪০৪জন বিদ্ৰোহীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ৯৯বিধ অস্ত্ৰ উদ্ধাৰ কৰা হৈছে।

প্ৰতিবেদখনৰ মতে ২০১৩চনৰে পৰা উত্তৰ-পূৰ্বাঞ্চলত সুৰক্ষাৰ দিশটো অনুক্ৰমে উন্নত হৈছে।

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ১৯৯৭ চনৰ পৰা সংঘটিত উগ্ৰবাদ সম্পৰ্কীয় ঘটনা আৰু সাধাৰণ নাগৰিকৰ মৃত্যুৰ ঘটনা ২০১৮ বৰ্ষত আটাইতকৈ কম দেখা গৈছে।

উক্ত বৰ্ষত ত্ৰিপুৰা আৰু মিজোৰামত উগ্ৰবাদ সম্পৰ্কীয় ঘটনা প্ৰায় নাই বুলিয়ে ক’ব পাৰি আৰু অঞ্চলটোৰ আন ৰাজ্যসমূহতো নিৰাপত্তামূলক পৰিস্থিতিৰ উন্নতি ঘটা পৰিলক্ষিত হয়।

প্ৰতিবেদন অনুসৰি, কেইটামান বিক্ষিপ্ত হিংসাত্মক ঘটনাৰ বাহিৰে ২০১৮ বৰ্ষত সামগ্ৰিকভাৱে মিজোৰামৰ পৰিস্থিতি শান্তিপূৰ্ণ আছিল আৰু ছিকিম উগ্ৰবাদ সম্পৰ্কীয় ঘটনাৰ পৰা মুক্ত আছিল।