মণিপুৰত নতুনকৈ ক’ভিড-১৯ পজিটিভ এজন, মুঠ আক্ৰান্ত তিনিলৈ বৃদ্ধি

Manipur registers 3rd COVID19 positive case

প্ৰতিনিধিত্বমূলক ছবি

এজন লোকক বৃহস্পতিবাৰে সন্ধিয়া মণিপুৰত ক’ভিড-১৯ পজিটিভ পোৱা গৈছে।

ইয়াকে লৈ ৰাজ্যখনত ক’ভিড-১৯ পজিটিভ চিনাক্ত ব্যক্তি তিনিজনলৈ বৃদ্ধি পালে।

ক’ভিড-১৯ পজিটিভ চিনাক্ত হোৱা ব্যক্তিজনৰ বয়স ৩৩ বছৰ আৰু তেওঁৰ ঘৰ ইম্ফাল ইষ্ট জিলাত।

বুধবাৰে তেওঁ মুম্বাইৰ পৰা আহি ইম্ফালত উপস্থিত হৈছিল।

ইম্ফালৰ জৱাহৰলাল নেহৰু ইন্সটিটিউট অৱ মেডিকেল চায়েন্সেজৰ সঞ্চালকে এ আই আৰ নিউজক এই তথ্য সদৰী কৰিছে।

মণিপুৰত ইয়াৰ পূৰ্বে ক’ভিড-১৯ পজিটিভ চিনাক্ত দুয়োগৰাকী লোকেই ইতিমধ্যে আৰোগ্য লাভ কৰিছে আৰু তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

ইফালে চৰকাৰী হিচাপমতে দেশত বৃহস্পতিবাৰে ৪৯,২১৯ গৰাকী সক্ৰিয় ক’ভিড-১৯ আক্ৰান্ত ৰোগী আছে।

ইতিমধ্যে ২৬,২৩৪ গৰাকী লোকে এই ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে আৰু ২৫৪৯ গৰাকীৰ মৃত্যু হৈছে।