• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

থমা নাই হিংসা: মণিপুৰত গেছ চিলিণ্ডাৰ ভৰ্তি তিনি ট্ৰাকত অগ্নিসংযোগ; মহিলাক গুলীয়াই হত্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 16, 2023 9:02 am
4.1k
VIEWS
Share on FacebookShare on Twitter

হত্যা-হিংসাৰ দাবানলত জাহ গৈছে মণিপুৰ। দুমাহতকৈ অধিক সময় ধৰি অগ্নিগৰ্ভৰ হৈ থকা মণিপুৰত এতিয়া শান্তি দূৰ নিলগত! ৰাজ্যখনত এতিয়াও শাম কটা নাই হিংসাত্মক পৰিস্থিতিৰ। হত্যা-হিংসাৰ এই অগ্নিগৰ্ভৰ পৰিস্থিতিৰ মাজতে কালি পুনৰ জ্বলি উঠে মণিপুৰ।

কালি ৰাজ্যখনৰ ইম্ফল পশ্চিম জিলাত তিনিখন খালী গেছ চিলিণ্ডাৰ ভৰ্তি ট্ৰাকত অগ্নিসংযোগ কৰে অচিনাক্ত দুষ্কৃতিকাৰীয়ে। কালি দিনৰ ভাগতে মিছাও গেছ এজেন্সীৰ ট্ৰাক কেইখনত অস্ত্ৰধাৰী অচিনাক্ত দুৰ্বৃত্তৰ দলটোৱে অগ্নিসংযোগ কৰে।

এই ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে চেকামি আৰক্ষীৰ এটা দল আৰু দুখন অগ্নিনিৰ্বাপক বাহন তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হয় যদিও তাৰ পূৰ্বেই বিস্তৰ ক্ষতিসাধন হয় বাহনসমূহৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

ইফালে ইম্ফল পূৱ জিলাত আততায়ীৰ গুলীৰ চিকাৰ হয় এগৰাকী আদবয়সীয়া মহিলা। কেই হেইকাক মাপাল মানিং লেইকাইৰ সমীপৰ এক স্থানত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ। মণিপুৰ আৰক্ষীয়ে মহিলাগৰাকীৰ পৰিচয় অথবা হত্যাৰ কাৰণ কি সেয়া এতিয়াও প্ৰকাশ কৰা নাই।

এই দুই ঘটনাই ৰাজ্যখনত উত্তেজনা অধিক বৃদ্ধি কৰে আৰু পৰিস্থিতিৰ সম্ভাৱ্য ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সষ্টম হৈ উঠিছে আৰক্ষী। ঘটনা সংঘটিত হোৱা অঞ্চলকেইটাত আৰক্ষীৰ টহল তীব্ৰতৰ কৰি তোলা হৈছে আৰু অধিক তথ্য সংগ্ৰহৰ বাবে স্থানীয় লোকসকলক সোধা-পোছা কৰা হৈছে।

উল্লেখ্য যে, বিগত ৩ মে’ৰ পৰা অপৰিৱৰ্তিত আছে আছে মণিপুৰৰ এই হিংসাত্মক পৰিস্থিতি। এই ধ্বংসলীলাত মণিপুৰত শতাধিক লোকৰ ইতিমধ্যে প্ৰাণহানি হৈছে; গৃহহাৰা হৈ পৰিছে হাজাৰ হাজাৰ লোক।

Recent News

হঠাৎ যুদ্ধবিৰতি! ‘সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰি ব্যাখ্যা দিয়ক’, মোডীক দাবী জনালে বিৰোধীয়ে

হঠাৎ যুদ্ধবিৰতি! ‘সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰি ব্যাখ্যা দিয়ক’, মোডীক দাবী জনালে বিৰোধীয়ে

যুদ্ধবিৰতি চুক্তি উলংঘা কৰি পাকিস্তানৰ আক্ৰমণ; জম্মুত শ্বহীদ বিএছএফৰ উপ-পৰিদৰ্শক

যুদ্ধবিৰতি চুক্তি উলংঘা কৰি পাকিস্তানৰ আক্ৰমণ; জম্মুত শ্বহীদ বিএছএফৰ উপ-পৰিদৰ্শক

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd