মণিপুৰৰ শিক্ষাখণ্ডত বিগত দুবছৰত চকুত লগা পৰিবৰ্তন হৈছে :  এন বিৰেন সিং

Yairipok_Top_Chingtha__11_-1140x570

মণিপুৰৰ মুখ্য মন্ত্ৰী এন বিৰেন সিঙে ৰাজ্যখনৰ বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাত বিগত দুবছৰত চকুত লগা পৰিবৰ্তন হৈছে বুলি দাবী কৰিছে।

মণিপুৰত ১৯৭২ চনত মাধ্যমিক শিক্ষা পৰিষদ গঠন হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে ৰাজ্যখনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰে ৭৪.৬৯ শতাংশৰ ঘৰ স্পৰ্শ কৰিছে বুলিও সিঙে কয়।

শনিবাৰে পূব ইম্ফল জিলাত এটা ছাত্ৰী নিবাস আৰু বিষয়া সকলৰ ভৱন উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্য মন্ত্ৰী বিৰেণ সিঙে ৰাজ্যৰ শিক্ষা খণ্ডৰ বিষয়ত মন্তব্য কৰে।

উদ্বোধনী অনুষ্ঠানত মুখ্য মন্ত্ৰী সিঙৰ লগতে অংশগ্ৰহণ কৰে ৰাজ্যখনৰ বন আৰু পৰিবেশ মন্ত্ৰী থনজোম শ্যমকুমাৰ সিং, বিধানসভাৰ উপাধ্যক্ষ কে ৰবীন্দ্ৰ’, বিধায়ক অ’ লুখোই আৰু এইচ দিংগোই।

বিৰেন সিঙে চৰকাৰৰ ‘স্কুল ফাগাথানছি’ অভিযানৰ ফলত ৰাজ্যখনত বিদ্যালয়ৰ শিক্ষা ব্যৱস্থা উন্নত হোৱা বুলি কোৱাৰ লগতে ই ছাত্ৰ-ছাত্ৰীসকলক গুণগত মাণদণ্ডৰ শিক্ষা প্ৰদান কৰি অহাত সহায় কৰি আহিছে বুলি মত প্ৰকাশ কৰে।

তেওঁ লগতে এই অভিযানে ৰাজ্যখনৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীক উপকৃত কৰাৰ উপৰিও অনাগত দিনত শিশু শিক্ষাৰ ক্ষেত্ৰত উল্লেখযোগ্য প্ৰভাৱ পেলাব বুলি আশা প্ৰকাশ কৰে।

আনহাতে, ৰাজ্য চৰকাৰৰ পদক্ষেপৰ বাবে অভিভাৱক সকলে এতিয়া নিজৰ সন্তান সকলক বিদ্যালয়ৰ শিক্ষা ব্যয় বহনত নিজৰ কষ্টৰ ধন খৰচ কৰিবলগীয়া হোৱা নাই বুলিও কয়।

তদুপৰি, মণিপুৰ চৰকাৰৰ ‘গো টু হিলছ’ অভিযানৰ অধীনত ৰাজ্যখনৰ পাহাৰ আৰু ভৈয়ামৰ জনসাধাৰণৰ মাজত থকা দূৰত্ব হ্ৰাস কৰিবলৈ প্ৰচেষ্টা চলাই থকা হৈছে বুলিও মুখ্য মন্ত্ৰী গৰাকীয়ে ভাষণ কালত উল্লেখ কৰে।