মহৰ্ষি মনমোহন! সংসদীয় ৰাজনীতিৰ পৰা বিদায়; মনমোহন সিঙৰ অৱসৰত আৱেগিক চিঠি খাৰ্গেৰ

এটা যুগৰ অন্ত পৰিল। সম্পূৰ্ণ ৩৩ বছৰীয়া কাৰ্যকালৰ পিছত ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ কৰিলে ৯১ বৰ্ষীয় প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই তেওঁলৈ এখন আৱেগিক চিঠি লিখিছে। তেওঁ কয়, ‘মনমোহন সিঙৰ অৱসৰৰ লগে লগে এটা যুগৰ অন্ত পৰিল।’ মল্লিকাৰ্জুন খাৰ্গেই মনমোহন সিং সকলোৰে বাবে নায়ক হৈ থাকিব বুলি উল্লেখ কৰে।

মনমোহন সিঙলৈ লিখা চিঠিত মল্লিকাৰ্জুন খাৰ্গেই উল্লেখ কৰিছে যে, ‘আপুনি সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ লৈছে সঁচা, কিন্তু আপুনি জ্ঞানৰ শিখা জ্বলাই ৰাখিব বুলি আমি আশাবাদী। দেশৰ জনসাধাৰণক আপুনি যি নৈতিক শিক্ষা দিছে সেয়া চিৰদিনৰ বাবে থাকি যাব। আপোনাৰ সুস্থ, শান্তিময় জীৱন কামনা কৰিলোঁ।’

আজি ৩ এপ্ৰিল বুধবাৰে ৩৩ বছৰীয়া সংসদীয় যাত্ৰাৰ অন্ত পেলাব মনমোহন সিঙে। এই প্ৰসংগত মল্লিকাৰ্জুন খাৰ্গেই কয়, ‘আপোনাৰ কাৰ্যকলাপৰ সমালোচনা কৰা বৰ্তমানৰ নেতাসকলে পক্ষপাতিত্বৰ বাবে আপোনাক ক্ৰেডিট দিব নিবিচাৰে। আপোনাৰ দৰে ভক্তি আৰু আত্ম উৎসৰ্গ মনোভাৱেৰে আন কোনোৱে ৰাষ্ট্ৰ চলাব নোৱাৰে। আপুনি দেশ আৰু জনসাধাৰণৰ বাবে যি কৰিলে সেয়া কোনেও স্পৰ্শ কৰিব নোৱাৰে। মধ্যবিত্ত শ্ৰেণী আৰু যুৱ সমাজৰ বাবে আপুনি সদায় নায়ক হৈ থাকিব।‘

লগতে পঢ়কঃ টাইৱানত ৰিখটাৰ স্কেলত ৭.৫ প্ৰাবল্যৰ ভূমিকম্প; হালি পৰিছে অট্টালিকা, জাৰি ছুনামীৰ সতৰ্কতা

খাৰ্গে লগতে লিখিছে, `উদ্যোগপতি আৰু উদ্যোগীসকলৰ বাবে আপুনি এক প্ৰেৰণা। দুখীয়া মানুহৰ বাবে আপুনি হিতৈষী। আপুনি লোৱা অৰ্থনৈতিক সিদ্ধান্তৰ বাবেই অগণন মানুহৰ ঘৰত দৰিদ্ৰতা আঁতৰিছে। আপোনাৰ অৰ্থনৈতিক নীতিয়ে একেসময়তে বৃহৎ উদ্যোগপতি, যুৱ উদ্যোগী, ক্ষুদ্ৰ ব্যৱসায়ীকো সহায় কৰিছে। আপুনি চাকৰিজীৱি আৰু দুখীয়াৰ কাষতো থিয় দিছে। দৰিদ্ৰ লোকসকলেও দৰিদ্ৰতা নিৰ্মূল কৰি দেশ নিৰ্মাণৰ কামত জড়িত হ’ব পাৰে। ইয়াকো আপোনাৰ শাসনকালে দেখুৱাইছে। আপুনিয়ে ২৭ কোটি দুখীয়া মানুহক দৰিদ্ৰতাৰ কবলৰ পৰা উলিয়াই আনিছে। মনমোহন সিং চৰকাৰৰ দিনতে আৰম্ভ হৈছিল ১০০ দিনৰ কামৰ আঁচনি।’

মল্লিকাৰ্জুন খাৰ্গেই লগতে কয়, ‘প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত দেখা পোৱা এজন শান্ত, শক্তিশালী মনৰ মানুহ হিচাপে দেশে তেওঁক নাপাব। এইবাৰ সংসদতো আপোনাক পোৱা নাযাব। আপোনাৰ জ্ঞান আৰু অভিজ্ঞতাৰ সমৃদ্ধি সদায় স্মৰণীয় হৈ থাকিব। মিছা আৰু ডাঙৰ ডাঙৰ ভাষণৰ ৰাজনীতিৰ বৰ্তমানৰ বজাৰখনত আমি আপোনাৰ দৰে মৃদুভাষী, দৃঢ় আৰু গাম্ভীৰ্যপূৰ্ণ সাংসদক হেৰুৱাম।’

লগতে পঢ়কঃ অৰুণাচলৰ হোটেলত মৃত অৱস্থাত উদ্ধাৰ বান্ধৱীসহ কেৰালাৰ দম্পতী; “ক’লা যাদু”ৰ সন্দেহ

কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই স্মৃতিচাৰণ কৰি কয়, ‘বিমুদ্ৰাকৰণ সন্দৰ্ভত সংসদত আপোনাৰ ভাষণ মোৰ মনত আছে। আপুনি বিমুদ্ৰাকৰণৰ সিদ্ধান্তক কীৰ্তিচিহ্নস্বৰূপ পৰিচালনাৰ ব্যৰ্থতা ( মনুমেন্টেল মেনেজমেন্ট ফেইলাৰ)বুলি অভিহিত কৰিছিল। বিমুদ্ৰাকৰণৰ সিদ্ধান্তক আইনী সংগঠিত ডকাইতি বুলিও অভিহিত কৰিছিল। যিটো পিছলৈ বাস্তৱত পৰিণত হ’ল।‘

শেষত খাৰ্গেই লিখিছে, `আপুনি দেখুৱাইছিল যে ব্যক্তি আক্ৰমণ নকৰাকৈও কেনেকৈ চৰকাৰৰ সিদ্ধান্তক সমালোচনা কৰিব পাৰি। অতি সোনকালে দেশৰ জনসাধাৰণে আপোনাৰ কথাবোৰৰ মৰ্ম বুজি পাব। আপোনাৰ মন্ত্ৰীসভাৰ সদস্য হোৱাৰ বাবে মই গৌৰৱ অনুভৱ কৰিছো। শাৰীৰিক অসুস্থতাৰ মাজতো আপুনি সদায় দলৰ বাবে সময় উলিয়াইছিল। দল আপোনাৰ ওচৰত চিৰকৃতজ্ঞ।’