• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মহৰ্ষি মনমোহন! সংসদীয় ৰাজনীতিৰ পৰা বিদায়; মনমোহন সিঙৰ অৱসৰত আৱেগিক চিঠি খাৰ্গেৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 3, 2024 11:50 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা যুগৰ অন্ত পৰিল। সম্পূৰ্ণ ৩৩ বছৰীয়া কাৰ্যকালৰ পিছত ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ কৰিলে ৯১ বৰ্ষীয় প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই তেওঁলৈ এখন আৱেগিক চিঠি লিখিছে। তেওঁ কয়, ‘মনমোহন সিঙৰ অৱসৰৰ লগে লগে এটা যুগৰ অন্ত পৰিল।’ মল্লিকাৰ্জুন খাৰ্গেই মনমোহন সিং সকলোৰে বাবে নায়ক হৈ থাকিব বুলি উল্লেখ কৰে।

মনমোহন সিঙলৈ লিখা চিঠিত মল্লিকাৰ্জুন খাৰ্গেই উল্লেখ কৰিছে যে, ‘আপুনি সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ লৈছে সঁচা, কিন্তু আপুনি জ্ঞানৰ শিখা জ্বলাই ৰাখিব বুলি আমি আশাবাদী। দেশৰ জনসাধাৰণক আপুনি যি নৈতিক শিক্ষা দিছে সেয়া চিৰদিনৰ বাবে থাকি যাব। আপোনাৰ সুস্থ, শান্তিময় জীৱন কামনা কৰিলোঁ।’

আজি ৩ এপ্ৰিল বুধবাৰে ৩৩ বছৰীয়া সংসদীয় যাত্ৰাৰ অন্ত পেলাব মনমোহন সিঙে। এই প্ৰসংগত মল্লিকাৰ্জুন খাৰ্গেই কয়, ‘আপোনাৰ কাৰ্যকলাপৰ সমালোচনা কৰা বৰ্তমানৰ নেতাসকলে পক্ষপাতিত্বৰ বাবে আপোনাক ক্ৰেডিট দিব নিবিচাৰে। আপোনাৰ দৰে ভক্তি আৰু আত্ম উৎসৰ্গ মনোভাৱেৰে আন কোনোৱে ৰাষ্ট্ৰ চলাব নোৱাৰে। আপুনি দেশ আৰু জনসাধাৰণৰ বাবে যি কৰিলে সেয়া কোনেও স্পৰ্শ কৰিব নোৱাৰে। মধ্যবিত্ত শ্ৰেণী আৰু যুৱ সমাজৰ বাবে আপুনি সদায় নায়ক হৈ থাকিব।‘

Apply Now

লগতে পঢ়কঃ টাইৱানত ৰিখটাৰ স্কেলত ৭.৫ প্ৰাবল্যৰ ভূমিকম্প; হালি পৰিছে অট্টালিকা, জাৰি ছুনামীৰ সতৰ্কতা

খাৰ্গে লগতে লিখিছে, `উদ্যোগপতি আৰু উদ্যোগীসকলৰ বাবে আপুনি এক প্ৰেৰণা। দুখীয়া মানুহৰ বাবে আপুনি হিতৈষী। আপুনি লোৱা অৰ্থনৈতিক সিদ্ধান্তৰ বাবেই অগণন মানুহৰ ঘৰত দৰিদ্ৰতা আঁতৰিছে। আপোনাৰ অৰ্থনৈতিক নীতিয়ে একেসময়তে বৃহৎ উদ্যোগপতি, যুৱ উদ্যোগী, ক্ষুদ্ৰ ব্যৱসায়ীকো সহায় কৰিছে। আপুনি চাকৰিজীৱি আৰু দুখীয়াৰ কাষতো থিয় দিছে। দৰিদ্ৰ লোকসকলেও দৰিদ্ৰতা নিৰ্মূল কৰি দেশ নিৰ্মাণৰ কামত জড়িত হ’ব পাৰে। ইয়াকো আপোনাৰ শাসনকালে দেখুৱাইছে। আপুনিয়ে ২৭ কোটি দুখীয়া মানুহক দৰিদ্ৰতাৰ কবলৰ পৰা উলিয়াই আনিছে। মনমোহন সিং চৰকাৰৰ দিনতে আৰম্ভ হৈছিল ১০০ দিনৰ কামৰ আঁচনি।’

মল্লিকাৰ্জুন খাৰ্গেই লগতে কয়, ‘প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত দেখা পোৱা এজন শান্ত, শক্তিশালী মনৰ মানুহ হিচাপে দেশে তেওঁক নাপাব। এইবাৰ সংসদতো আপোনাক পোৱা নাযাব। আপোনাৰ জ্ঞান আৰু অভিজ্ঞতাৰ সমৃদ্ধি সদায় স্মৰণীয় হৈ থাকিব। মিছা আৰু ডাঙৰ ডাঙৰ ভাষণৰ ৰাজনীতিৰ বৰ্তমানৰ বজাৰখনত আমি আপোনাৰ দৰে মৃদুভাষী, দৃঢ় আৰু গাম্ভীৰ্যপূৰ্ণ সাংসদক হেৰুৱাম।’

লগতে পঢ়কঃ অৰুণাচলৰ হোটেলত মৃত অৱস্থাত উদ্ধাৰ বান্ধৱীসহ কেৰালাৰ দম্পতী; “ক’লা যাদু”ৰ সন্দেহ

কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই স্মৃতিচাৰণ কৰি কয়, ‘বিমুদ্ৰাকৰণ সন্দৰ্ভত সংসদত আপোনাৰ ভাষণ মোৰ মনত আছে। আপুনি বিমুদ্ৰাকৰণৰ সিদ্ধান্তক কীৰ্তিচিহ্নস্বৰূপ পৰিচালনাৰ ব্যৰ্থতা ( মনুমেন্টেল মেনেজমেন্ট ফেইলাৰ)বুলি অভিহিত কৰিছিল। বিমুদ্ৰাকৰণৰ সিদ্ধান্তক আইনী সংগঠিত ডকাইতি বুলিও অভিহিত কৰিছিল। যিটো পিছলৈ বাস্তৱত পৰিণত হ’ল।‘

"Even as you retire from active politics, I hope that you will continue to be the voice of wisdom and moral compass to the nation by speaking to the citizens of our country as often as possible. I wish you peace, health and happiness."

Congress President Shri @Kharge writes to… pic.twitter.com/fq2nTbwXqE

— Congress (@INCIndia) April 2, 2024

শেষত খাৰ্গেই লিখিছে, `আপুনি দেখুৱাইছিল যে ব্যক্তি আক্ৰমণ নকৰাকৈও কেনেকৈ চৰকাৰৰ সিদ্ধান্তক সমালোচনা কৰিব পাৰি। অতি সোনকালে দেশৰ জনসাধাৰণে আপোনাৰ কথাবোৰৰ মৰ্ম বুজি পাব। আপোনাৰ মন্ত্ৰীসভাৰ সদস্য হোৱাৰ বাবে মই গৌৰৱ অনুভৱ কৰিছো। শাৰীৰিক অসুস্থতাৰ মাজতো আপুনি সদায় দলৰ বাবে সময় উলিয়াইছিল। দল আপোনাৰ ওচৰত চিৰকৃতজ্ঞ।’ 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

August 19, 2026 3:40 pm
সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
কাজিৰঙাৰ সুৰক্ষা-বলয়

কাজিৰঙাৰ সুৰক্ষা-বলয়

August 19, 2026 10:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

August 19, 2026 3:40 pm
সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd