সৈনিক আৰু ক’ৰ’ণা যোদ্ধাৰ বাবে বন্তি প্ৰজ্জ্বলন কৰক, ‘মন কী বাত’ত মোডীৰ আহ্বান

a modi

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি দুৰ্গোৎসৱৰ মাদকতাৰ মাজতে আজি অল ইণ্ডিয়া ৰেডিঅ’ যোগে তেওঁৰ অতি জনপ্ৰিয় অনুষ্ঠান মন কী বাত সম্প্ৰচাৰ কৰে ।

ভাষণৰ আৰম্ভনিতে মোডীয়ে বিজয়া দশমীৰ বাবে হিন্দুধ৪মী লোকসকলক শুভেচ্ছা জ্ঞাপন কৰে।

মোডীয়ে কয় যে উৎসৱৰ সময়তো দেশবাসীয়ে যি সংযম ৰক্ষা কৰি কোভিডৰ বিৰুদ্ধে সচেতন হৈছে সেয়া প্ৰশংসাৰ যোগ্য কথা।

মোদীয়ে আহি থকা উৎসৱ সমূহতো দেশবাসীয়ে সংযম ৰক্ষা কৰি জন সমাগমৰ পৰা বিৰত থাকিব বুলি আশা প্ৰকাশ কৰে।

তেওঁ দীপাৱলীত দেশৰ হৈ সেৱা আগবঢ়াই থকা বীৰ জোৱান আৰু ক’ৰ’ণা যুদ্ধত ভাগ লোৱাসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি সকলোকে বন্তি প্ৰজ্জ্বলনৰ আহ্বান জনায়।

ভোকেল ফৰ লোকেল প্ৰসংগত সৰৱ হৈ মোডীয়ে বিদেশৰ বস্তুৰ সলনি দেশতে প্ৰস্তুত কৰা সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে সকলোকে আহ্বান জনায়।

স্থানীয় ভাবে উৎপাদিত সামগ্ৰী ক্ৰয় কৰিলে দেশৰ অৰ্থনীতি সৱল হব বুলি তেওঁ ভাষণত উল্লেখ কৰে।

উল্লেখ্য ইয়াৰ পূৰ্বেও মোডীয়ে তেওঁৰ মন কী বাতৰ ভাষণত স্বদেশী সামগ্ৰীৰ ব্যৱহাৰত গুৰুত্ব দিছিল।

তেওঁ আনকি মন কী বাতৰ ভাষণতে ধুবুৰীৰ পুতলা উদ্যোগৰ কথাও সুন্দৰ ভাবে উল্লেখ কৰিছিল।