NORTHEAST NOW (Assamese)

মনোহৰী গ’ল্ড চাহে ৰচিলে ইতিহাস, নিলামত উঠিল প্ৰতি কিলোত ৯৯,৯৯৯ টকাৰ দৰ

December 14, 2021 2:54 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 14, 2021 2:55 pm

অসমৰ বিখ্যাত আৰু বিৰল প্ৰজাতিৰ চাহ “মনোহৰী গোল্ড টি” য়ে আজি গুৱাহাটী চাহ নিলাম কেন্দ্ৰত অনুষ্ঠিত চেল নং ৫০-ত প্ৰতি কিলোগ্ৰামত ৯৯,৯৯ টকা দৰ লাভ কৰি ইতিহাস সৃষ্টি কৰিছে।

গোল্ড টি সৌৰভ টি ট্ৰেডাৰ্ছে প্ৰতি কিলোগ্ৰামত সৰ্বাধিক ৯৯,৯৯৯ টকাৰ নিবিদাৰে ক্ৰয় কৰিছে।

আজিৰ এই দৰ লাভ কৰাৰ পিছত মনোহৰী গ’ল্ড টিয়ে নিজৰেই পূৰ্ব অভিলেখ ভংগ কৰে। যোৱা বছৰ গুৱাহাটী চাহ নিলাম কেন্দ্ৰই প্ৰতি কিলোগ্ৰামত ৭৫,০০০ টকাৰ বৃহৎ মূল্যত অসমৰ মনোহৰী গ’ল্ড টি বিক্ৰী কৰিছিল।

Related News