NORTHEAST NOW (Assamese)

বিটিআৰত বহু নতুন গাওঁ  নীতি বহিৰ্ভূতভাবে অন্তৰ্ভুক্তিৰ ষড়যন্ত্ৰৰ অভিযোগ

July 30, 2021 2:17 pm · প্ৰণৱ কুমাৰ ডেকা
প্ৰতিনিধিতঊমূলক ছবি

বিটিআৰত বহু নতুন গাওঁ  নীতি বহিৰ্ভূতভাবে অন্তৰ্ভুক্তিৰ ষড়যন্ত্ৰ চলি আছে৷ কোকৰাঝাৰ জিলা আৰু চিৰাং জিলাৰ সীমামূৰীয়া বঙাইগাঁও আৰু ধুবুৰী জিলাৰ বহু গাঁও বি টি আৰৰ অন্তৰ্ভুক্তিৰ অপচেষ্টাত এটা চক্ৰ উঠি পৰি লাগিছে৷

বি টি আৰ চুক্তিৰ নীতি উলংঘা কৰি ধুবুৰী আৰু বঙাইগাঁও জিলাৰ বহুসংখ্যক গাওঁ অন্তৰ্ভূক্তিৰ এই অপচেষ্টাক কোনোপধ্যেই সফল হ’ব দিয়া নহব বুলি হুংকাৰ দিছে সদৌ অসম কোচ ৰাজবংশী যুৱ  ছাত্ৰ সন্মিলনীয়ে৷

সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি ত্ৰৈলোক্য ৰায় আৰু সাধাৰণ সম্পাদক ধৰ্মেন্দ্ৰ ৰায়ে কয় যে বি টি চি গঠনৰ সময়ত বহু এলেকা ষড়যন্ত্ৰ মূলক ভাবে বি টি চি চুক্তি উলংঘা কৰি বি টি চিত অন্তৰ্ভুক্ত কৰিছিল আৰু সেই অঞ্চলৰ অনা বড়ো লোকসকল বহু অধিকাৰৰ পৰা বঞ্চিত হৈ দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ জীৱন নিৰ্বাহ কৰি আছে৷

শেহতীয়াকৈ বি টি আৰ চুক্তি মতে বড়ো সংখ্যালঘিষ্ঠ গাঁওসমূহ বি টি আৰৰ পৰা কৰ্তন কৰাৰ উপায় সন্নিবিষ্ট হৈছে৷
সেইমৰ্মে বহু গাঁৱৰ জনতাই কৰ্তনৰ আবেদনো কৰিছে৷

কিন্তু একে সময়তে বড়ো জনবসতি নথকা বা একেবাৰে কম সংখ্যক বড়ো মানুহে বসবাস কৰা গাওঁ কিছুমান অন্তভুৰ্ক্ত কৰাৰ ষড়যন্ত্ৰ উদ্বেগজনক৷ আনকি কমতাপুৰ অটোনমাচ কাউন্সিলৰ চৰকাৰীভাবে নথিভুক্ত বহু গাঁওকো
বি টি আৰত অন্তভুৰ্ক্ত কৰাৰ অপচেষ্টা চলি আছে৷ নেতাদ্বয়ে এনে ষড়যন্ত্ৰৰ পৰা আঁতৰি থাকি বি টি আৰৰ গাওঁ কৰ্তন আৰু অন্তৰ্ভুক্তিৰ বাবে গঠন হোৱা পি পি বাৰ্মা আয়োগক অনুৰোধ জনায় ৷

Related News