NORTHEAST NOW (Assamese)

নেৰানেপেৰা বৰষুণত জলস্তৰ বৃদ্ধি ব্ৰহ্মপুত্ৰকে ধৰি উত্তৰ-পূবৰ ভালেকেইখন নদীৰ

May 4, 2019 10:51 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

বিগত কিছুদিনৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ভালেকেইখন মুখ্য নদীৰ জলপৃষ্ঠ ওফন্দি উঠিছে।

কেন্দ্ৰীয় জল আয়োগে প্ৰকাশ কৰা বানপানীৰ আগতীয়া জাননী অনুসৰি শিৱসাগৰ জিলাৰ নংলামাৰাঘাতত দিছাং নদী আৰু কামৰূপ জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ তলেৰে বৈ যোৱা পুথিমাৰি নদীয়ে বিপদ সীমাৰ ওচৰে পাজৰে বৈ আছে।

উল্লেখযোগ্য যে, দিছাং নদীৰ জলপৃষ্ঠৰ স্তৰ ক্ৰমাগতভাবে বৃদ্ধি পাবলৈ লোৱাৰ বিপৰীতে হ্ৰাস পাবলৈ আৰম্ভ কৰিছে পুথিমাৰি নদীৰ জলপৃষ্ঠৰ স্তৰ।

ডিব্ৰুগড়, নিমাতীঘাট, তেজপুৰ, গুৱাহাটী আৰু গোৱালপাৰা আৰু ধুবুৰীকে ধৰি অসমৰ সকলো ঠাইতে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ স্তৰ ক্ৰমাগতভাবে বৃদ্ধি হৈ আছে।

আনহাতে, লখিমপুৰ জিলাত সোৱণশিৰি নদী, অৰুণাচল প্ৰদেশৰ পূৱ চিয়াঙৰ পাচিঘাটত চিয়াং নদী, ডিব্ৰুগড়ত বুঢ়ীদিহিং, গোলাঘাটৰ নূমুলীগড়ত ধনশিৰি, নলবাৰী জিলাৰ পাগলাদিয়া, বৰপেটা জিলাৰ মানাহ আৰু বেকী, কোকৰাঝাৰ জিলাৰ গৌৰাং, ত্ৰিপুৰাৰ গুমটি নদীৰ জলপৃষ্ঠৰ স্তৰ বৰষুণৰ ফলত ক্ৰমাগত ভাবে বৃদ্ধি হৈ আছে।

উল্লেখযোগ্য যে, বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰৰ আগজাননী অনুসৰি সাগৰীয় ঘূৰ্ণী বতাহ ফেনিৰ প্ৰভাবত ৭ মে’লৈ অসম আৰু উত্তৰ-পূবত প্ৰবল বৃষ্টিপাতৰ সম্ভাবনা আছে। এনে হ’লে ৰাজ্যত বানপানী হোৱাৰ সম্ভাবনা অধিক হৈ পৰিছে।

Related News