শিক্ষা বিভাগৰ নতুন নীতি : প্ৰশাসনিক অনুদানৰ পৰা বঞ্চিত হ’ব বহু শিক্ষানুষ্ঠান

PRIMARY-750x375

প্ৰতিনিধিত্বমূলক ফটো

ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহলৈ আগবঢ়োৱা বার্ষিক প্রশাসনিক অনুদান প্রদানৰ ক্ষেত্রত শিক্ষা বিভাগে নতুন নীতি গ্রহণ কৰিছে। শিক্ষা বিভাগৰ নতুন নির্দেশাৱলী অনুসৰি নির্দিষ্ট সংখ্যক ছাত্র-ছাত্রী বিদ্যালয়ত নাথাকিলে চৰকাৰে আগবঢ়োৱা প্রশাসনিক অনুদানৰ পৰা বঞ্চিত হ’ব শিক্ষানুষ্ঠানখন।

তদুপৰি, শিক্ষা বিভাগে এই নতুন নির্দেশাৱলী অনুসৰি ছাত্র-ছাত্রীৰ নামভর্তিৰ ওপৰত ভিত্তি কৰি বার্ষিক প্রশাসনিক অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে।

এই নতুন নীতি অনুসৰি বিদ্যালয়ত ৬০গৰাকী অথবা তাৰ তলত নামভর্তি হ’লে কোনোধৰণৰ বিত্তীয় সাহায্য নাপাব। ৬১ৰ পৰা ৪০০ গৰাকী নামভর্তিৰ বাবে ২০ হাজাৰ টকা,  ৪০১ৰ পৰা ৬০০ গৰাকীৰ নামভর্তিৰ বাবে ২৫ হাজাৰ টকা আৰু ৬০০ গৰাকীৰ অধিক নামভর্তিৰ বাবে ৩৫ হাজাৰ টকাকৈ বিদ্যালয়বোৰে বিত্তীয় সাহায্য লাভ কৰিব।

তাৎপৰ্যপূৰ্ণভাৱে, প্রাথমিক শিক্ষাৰ বিকাশৰ বাবে ৰাজ্য চৰকাৰে গুণোৎসৱ পাতিছিল যদিও ছাত্র-ছাত্রী তথা অভিভাৱকক চৰকাৰী খণ্ডৰ শিক্ষাৰ প্রতি আকর্ষিত কৰাত ব্যৰ্থ হ’ল ৰাজ্যৰ শিক্ষা বিভাগ।

উল্লেখযোগ্য ৰাজ্যখনৰ মুখ্য মন্ত্রীৰ পৰা আৰম্ভ কৰি বিধায়ক, মুখ্য সচিব, আৰক্ষী সঞ্চালক প্রধান, জিলা উপায়ুক্তকে ধৰি শীৰ্ষ প্ৰশাসনিক বিষয়াসকল গুণোৎসৱত উবুৰি খাই পৰিছিল।

ইয়াৰ পাছতো বিদ্যালয়সমূহত ছাত্র-ছাত্রীৰ নামভর্তি বৃদ্ধি নোহোৱাত শিক্ষানুষ্ঠানসমূহৰ ওপৰত খড়্গহস্ত হৈ পৰিছে শিক্ষা বিভাগ। আনহাতে, প্রয়োজনীয় সংখ্যক ছাত্র-ছাত্রী নথকা শিক্ষানুষ্ঠানৰ একত্রীকৰণৰ কাম শিক্ষা বিভাগে ইতিমধ্যে আৰম্ভ কৰিছে।

জানিব পৰা মতে ৰাজ্যৰ প্রায় ৪৮ হাজাৰ নিম্ন প্রাথমিক আৰু উচচ প্রাথমিক স্কুলৰ ভিতৰত ৬ হাজাৰৰো অধিক শিক্ষানুষ্ঠানত ছাত্র-ছাত্রীৰ সংখ্যা ১৫ গৰাকীৰো তলত। নিম্ন প্রাথমিকত ছাত্র-শিক্ষকৰ অনুপাত ১৩০ আৰু উচচ প্রাথমিক ১৩৫ হ’ব লাগে যদিও চৰকাৰী শিক্ষানুষ্ঠানসমূহত ছাত্র-ছাত্রীৰ নামভর্তি নোহোৱাত বহু শিক্ষানুষ্ঠানত শিক্ষকৰ সংখ্যাহে বেছি থকাৰ তথ্য আছে।

আনহাতে, চৰকাৰে বিনামূলীয়া পাঠ্যপুথি, ইউনিফর্ম, মধ্যাহু ভোজন আদিৰ জৰিয়তেও চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ প্রতি ছাত্র-ছাত্রী, অভিভাৱকক আকর্ষিত কৰাত ব্যৰ্থ হোৱাৰ পাছত হাজাৰ হাজাৰ শিক্ষানুষ্ঠানলৈ বার্ষিক প্রশাসনিক অনুদান বন্ধ কৰাৰ দৰে ব্যৱস্থা লৈ চৰকাৰী শিক্ষাখণ্ডৰ ওপৰত আকৌ নতুন পৰীক্ষা চলোৱাৰ পথহে গ্ৰহণ কৰিছে।