NORTHEAST NOW (Assamese)

বাচন ধোৱা কাম কৰি, দৰিদ্ৰতাৰ সৈতে যুঁজ দিয়েই মিছ ইণ্ডিয়া ৰাণাৰ্ছ আপৰ খিতাপ মান্যাৰ

February 13, 2021 9:07 am · এন ই নাও নিউজ

সাধুকথা নহয় বাস্তৱ। নিজৰ সপোনৰ প্ৰতি দৃঢ় প্ৰত্যয় লৈ আগবাঢ়িলে যে সফলতা লাভ কৰিব পাৰি তাকেই এবাৰ প্ৰমান কৰিলে অটোচালকৰ কন্যা এইবাৰৰ মিছ ইণ্ডিয়া ৰাণাৰ্ছ আপ মান্যা সিঙে।

দিনত বাছন ধোৱা কাম কৰে। নিশা কাম কৰে কল চেন্টাৰত। গাড়ীৰ ভাড়া বচাবলৈ প্ৰায়েই খোজ কাঢ়িয়েই অহা-যোৱা কৰিবলগীয়া হয়। ইয়াৰ মাজতে সপোনে পোখা মেলে।

এইগৰাকী যুৱতীৰ সাফল্যত তাৰকা জগতত আৱেগৰ জোৱাৰ উঠিছে। প্ৰাক্তন বিশ্ব সুন্দৰী মানুষী চিল্লা, অভিনেতা বৰুণ ধাৱানকে ধৰি চেলিব্ৰেটিসকলে মান্যাৰ সফলতাক প্ৰশংসা কৰিছে।

ভিএলচিচি ফেমিনা মিছ ইণ্ডিয়া-২০২০ৰ খিতাপ জয় কৰিছে তেলেংগানাৰ মনসা বাৰাণসীয়ে। মান্যা সিং ৰাণাৰ্ছ আপ হৈছে। কিন্তু কঠোৰ সংগ্ৰামৰ মাজেৰে মান্যাই তেওঁৰ সফলতা অৰ্জন কৰিছে।

সংবাদমাধ্যমৰ আগত দিয়া সাক্ষাৎকাৰত উত্তৰ প্ৰদেশৰ যুৱতী মান্যাই জানিবলৈ দিয়ে যে শৈশৱৰ পৰাই তেওঁ দৰিদ্ৰতাৰ সৈতে যুঁজ দি আহিছিল। পেটত ক্ষুধাৰ যন্ত্ৰণা লৈয়েই বহু নিশা উজাগৰে কটাবলগীয়া হৈছিল।

মান্যাই কয়,’’মোৰ তেজ, ঘাম, চকুলো পৰস্পৰে মিলি মোৰ সপোনক সাহস জগাইছে। এগৰাকী অটোচালকৰ কন্যা হিচাপে কিশোৰী অৱস্থাৰ পৰাই কাম কৰিবলগীয়া হৈছে। নিয়মিত বিদ্যালয় যাব পৰা নাছিলো। মাৰ পৰা অলপ সোণৰ অলংকাৰ বন্ধকত ৰাখি মোৰ পৰীক্ষাৰ মাছুল দিয়া হৈছিল।‘’

পঢ়া দিনত ভাল কাপোৰ পৰিধান কৰা নহ’ল। কিতাপ পঢ়াৰ তীব্ৰ হাবিয়াস থাকিলেও ভাগ্যই লগ নিদিলে। তথাপি দৰিদ্ৰতাৰ সৈতে যুঁজ দিয়েই মান্যাই ডাঙৰ হোৱাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছে।

নিজৰ সফলতাৰ এনে আবেগঘন মুহূৰ্তত স্বাভাৱিকতেই মান্যাৰ সংবেদনশীলতা প্ৰকাশ পাইছে।

মান্যাই কয়,’’মই আজি ইয়াত মিছ ইণ্ডিয়াৰ মঞ্চলৈ আহিছো মোৰ মা-দেউতা আৰু ভাইটিৰ সপোন বাস্তৱ কৰি তুলিবলৈ।‘’

মান্যা সিঙৰ সাফল্যৰ কাহিনী বহুতৰ বাবে অনুপ্ৰেৰণাৰ উৎস হোৱাৰ আশা কৰিব পাৰি।

Related News