মেঘালয়ত পোৱা বিৰল গছ ইলেঅ’কাৰ্পাছ প্ৰুনিফ’লিয়াছ (Elaeocarpus prunifolius)- খাচী ভাষাত “দিয়েং-লা-খ্মাৰ” (Dieng-la-khmar) আৰু “ছোহ-খাইল্লেম-আই-ব্লাং” (Soh-khyllem-ai-blang) বুলি জনা যায়। বিলুপ্তিৰ পথত এই বিৰল গছজোপা।
সম্প্ৰতি এই বিৰল গছ জোপাক বচাবলৈ বিজ্ঞানীসকলে কৃত্ৰিম বুদ্ধিমত্তাৰ এক মেচিন লাৰ্নিঙৰ সহায় লৈছে। এটা নতুন গৱেষণাই ইয়াক সংৰক্ষণৰ বাবে উপযুক্ত স্থান চিনাক্ত কৰিছে, যিয়ে এই বিলুপ্তপ্ৰায় গছ জোপা জীয়াই থকৰ ক্ষেত্ৰত আশাৰ সঞ্চাৰ কৰিছে। বিহেনো ইৰালু, দিব্যেন্দু অধিকাৰী, কৃষ্ণ উপাধ্যায় আৰু হিৰঞ্জিত চৌধুৰীসহ গৱেষক সকলে কৰা এক অধ্যয়নত এই কথা পোহৰলৈ অহিছে।
‘মডেলিং আৰ্থ চিষ্টেমছ এণ্ড এনভাইৰনমেণ্ট’ত প্ৰকাশিত এই অধ্যয়নত মেচিন লাৰ্নিঙৰ দ্বাৰা গছজোপা ক’ত গজিব পাৰে তাৰ ভৱিষ্যদ্বাণী কৰা হৈছে। বিজ্ঞানীসকলে মেঘালয়ৰ প্ৰায় ৮.৯৭% মাটি—অৰ্থাৎ প্ৰায় ২০১,৩২১ হেক্টৰ—ইয়াৰ বাবে উপযুক্ত বুলি ঠাৱৰ কৰিছে। খাচী আৰু জয়ন্তীয়া পাহাৰত পোৱা গৈছে এই অঞ্চল।
অধ্যয়নত কোৱা হৈছে, ৰিম’ট চেন্সিং আৰু ভূ-স্থানীয় প্ৰযুক্তিৰ শেহতীয়া উন্নতিৰ ফলত বনাঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ নিৰীক্ষণৰ ক্ষমতা বাঢ়িছে। পৰিৱেশৰ বিভিন্ন উপাদানৰ সৈতে গছৰ উপস্থিতিৰ তথ্য জড়িত কৰি পৰিৱেশগত নিচ মডেলিং (ENM)ৰ জৰিয়তে ইয়াৰ সম্ভাৱ্য বিতৰণ ভৱিষ্যদ্বাণী কৰা হৈছে। এই মডেলে সম্ভাৱ্য বাসস্থান চিনাক্ত কৰাত সহায় কৰাৰ লগতে আৰু ক্ষেত্ৰ জৰীপ সহজ কৰি তুলিছে। ‘ই. প্ৰুনিফ’লিয়া’ৰ বাবে উপযুক্ত ৮.৯৭% (≈২০১,৩২১ হেক্টৰ)ৰ ভিতৰত ০.১০% অতি উচ্চ, ০.৯৭% উচ্চ, ২.৪৮% মধ্যম আৰু ৫.৪২% কম সম্ভাৱনাৰ অঞ্চল হিচাপে শ্ৰেণীভুক্ত হৈছে।
উপযুক্ত ঠাই থকাৰ পিছতো ‘ই. প্ৰুনিফ’লিয়াছ’ নামৰ গছজোপা জীয়াই থকাত সংগ্ৰাম কৰি আছে। বন ধ্বংস, খেতি আৰু মানুহৰ বসতিৰ বাবে ইয়াৰ প্ৰাকৃতিক বাসস্থান নষ্ট হৈছে। গৱেষণাত দেখা গৈছে যে কাঠ কটা আৰু খেতিৰ বাবে মাটি পৰিষ্কাৰ কৰাৰ ফলত ইয়াৰ সংখ্যা বহুত কমি গৈছে। সংৰক্ষিত অঞ্চলতো গছজোপাৰ আন সমস্যা আছে। ইয়াৰ বীজ সোনকালে সৰি পৰে, আৰু বহুতো অংকুৰণৰ আগতেই পোকে খাই নষ্ট কৰে। গৱেষকসকলে কয়, মানুহৰ কাম-কাজ আৰু প্ৰাকৃতিক ভাবুকিৰ বাবে এই গছৰ পুনৰুদ্ধাৰ কঠিন হৈ পৰিছে।
২০১৪ৰ পৰা ২০১৮লৈ বিজ্ঞানীসকলে ৪৩টা ঠাইত জৰীপ কৰিছিল। তেওঁলোকে মাত্ৰ ২৭৫টা প্ৰাপ্তবয়স্ক গছ, ৮২৮টা পুলি আৰু ১২৫২টা পৈনত পুলি আছিল। কিছু ঠাইত গছৰ সংখ্যা ভাল আছিল, কিন্তু বহুতৰ প্ৰাকৃতিক বৃদ্ধি কম বা নাছিল। গৱেষণাত এটা আকৰ্ষণীয় তথ্য পোৱা গৈছে: এই গছ ডাঙৰ জংঘলত নাথাকে। কিন্তু বেছি গছ-গছনি থকা অঞ্চলবোৰ মূলত ডাঙৰ, অক্ষত জংঘলত আছিল, যিবোৰে এই প্ৰজাতিৰ বাবে এতিয়াও আশাৰ সৃষ্টি কৰিছে।
গছজোপা পুনৰ উদ্ধাৰ কৰিবলৈ লুম শ্বিন্না, ল’বাহ আৰ্লিয়াং, চাই মিকা বনাঞ্চল, টিলং উমকিৰৱিয়াং, ৱাহ বাহ প’মোলাং, ল’ শ্বনং উমলাডকুৰ ৩, ল’ শ্বনং উমলাডকুৰ ৭, ক্ৰাং ছুৰি বনাঞ্চল, ল ছনং উমলাডকুৰ ৪, ল ছিৰপা, ল চিম ৰামকৃষ্ণ মিছন আৰু ল শ্বনং আমলাৰেম উপযুক্ত ঠাই হিচাপে বিবেচনা কৰিছে। গৱেষকসকলে তৎক্ষণিকভাবে সংৰক্ষণৰ পদক্ষেপ ল’বলৈ পৰামৰ্শ দিছে। বিশেষকৈ পূব খাচী পাহাৰত তেওঁলোকে প্ৰায় ১০,৩৬১ হেক্টৰৰ মূল অঞ্চল চিনাক্ত কৰিছে। তেওঁলোকে এই উচ্চ উপযুক্ত অঞ্চল সুৰক্ষিত কৰা, বীজৰ ভাণ্ডাৰ তৈয়াৰ কৰা, পুনৰ বনানীকৰণৰ বাবে নাৰ্চাৰী স্থাপন কৰা আৰু ‘ইলেঅ’কাৰ্পাছ প্ৰুনিফ’লিয়াছ’ সংৰক্ষণৰ বাবে বন ধ্বংস ৰোধৰ কঠোৰ নিয়মৰ পৰামৰ্শ দিছে।