কলিয়াবৰ ছাত্র সন্থাৰ উদ্যোগত সদৌ অসম কলিয়াভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতা

দুদিনীয়া কাৰ্যসূচীৰে কলিয়াবৰৰ কুঁৱৰীটোলত ছাত্র সন্থাৰ চহিদ দিৱস আৰম্ভ

Kaliabor

কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ‍্যোগত আজিৰ পৰা কুঁৱৰিটোল চহিদ স্মৃতি প্ৰাংগণত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা চহিদ দিৱসৰ আজি প্ৰথম দিনৰ প্ৰথম কাৰ্য্যসূচী ‘কলিয়াভোমোৰা মাৰথন দৌৰ প্ৰতিযোগিতা’ অনুষ্ঠিত হয়।

উল্লেখযোগ্য যে মাধ্যম আন্দোলনৰ পঞ্চম চহিদ নৰেন্দ্ৰ নাথ মহন্তৰ মৃত্যু দিৱসৰ সৈতে সংগতি ৰাখি কলিয়াবৰ কেন্দ্ৰীয় ছাত্র সন্থাই ৯ নবেম্বৰৰ দিনটো চহিদ দিৱস হিচাপে পালন কৰি আহিছে।

সেই উপলক্ষে আজি অনুষ্ঠিত সদৌ অসম কলিয়াভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতা উদ্ধোধন কৰে কলিয়াবৰ মহকুমাৰ আৰক্ষী বিষয়া মৃণ্ময় দাসে। উক্ত প্ৰতিযোগিতাখন বিগত প্ৰায় ৩০ বছৰ ধৰি অনুষ্ঠিত হৈ আহিছে।

প্ৰতিযোগিতাখন উদ্ধোধন কৰি মৃণ্ময় দাসে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা খেলুৱৈসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে ইয়াৰ সৈতে জড়িত হ’বলৈ পায় গৌৰৱবোধ কৰা বুলি উল্লেখ কৰে।

আজিৰ প্ৰথম কাৰ্যসূচীৰ অংশ হিচাপে মাৰাথন দৌৰ আৰু সন্ধ্যালৈ সদৌ অসম চহিদ নৰেন্দ্ৰ নাথ মহন্ত সোঁৱৰণী একাঙ্কিকা নাট প্ৰতিযোগিতাৰ আয়োজন কৰিছে। উক্ত নাট প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ মুঠ ১৩ টা দলে অংশগ্ৰহণ কৰিব বুলি আয়োজকে জানিবলৈ দিয়ে।

আজিৰ এই মাৰাথন দৌৰ প্ৰতিযোগিতাত কলিয়াবৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিনবন্ধু ভূঞাৰ লগতে কলিয়াবৰ কেন্দ্ৰীয় ছাত্র সন্থাৰ কাইবাগৰাকী বিষয় ববীয়াই অংশগ্ৰহণ কৰে।