পথ দুৰ্ঘটনাত প্ৰশিক্ষকসহ মৃত্যু মাৰাথনত বিশ্ব অভিলেখধাৰী এথলেট কেলভিন কিপটামৰ

কেলভিন কিপটাম। ফাইল ফটোঃ সংগ্ৰহীত।

কেনিয়াত সংঘটিত এক পথ দুৰ্ঘটনাত মৃত্যু হৈছে মাৰাথনৰ বিশ্ব অভিলেখধাৰী কেলভিন কিপটাম আৰু তেওঁৰ প্ৰশিক্ষক গেৰভাইছ হাকিজিমানাৰ। আৰক্ষীয়ে জনোৱা মতে, পশ্চিম কেনিয়াত দেওবাৰে তেওঁলোকৰ গাড়ীখন উলটি ছিটিকি পৰে আৰু দুৰ্ঘটনাস্থলীতে দুয়োৰে মৃত্যু হয়।

কেনিয়াৰ ২৪ বছৰীয়া দৌৰবিদ কিপটামে যোৱা বছৰ আমেৰিকাত অনুষ্ঠিত চিকাগো মাৰাথনত ২ ঘণ্টা ৩৫ ছেকেণ্ডত ৪২ কিলোমিটাৰ দৌৰ সমাপ্ত কৰি বিশ্ব অভিলেখ গঢ়িছিল। তেওঁ ৩৪ ছেকেণ্ড কম সময়েৰে দেশৰেই এলিউড কিপচোগেৰ অভিলেখ ভংগ কৰে। দীৰ্ঘ দূৰত্বৰ দৌৰবিদ কিপটামে এইবাৰৰ পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰাৰ কথা আছিল।

লগতে পঢ়কঃ ভূত নহয় অদ্ভুত, শৱ ‘দাহ’ৰ পিছত জীৱন্তে ঘৰলৈ উভতি আহিল যুৱক!

দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন কিপটামে নিজেই চলাইছিল বুলি  জানিবলৈ দি পশ্চিম কেনিয়াৰ এলগেয়ো মাৰাকেট কাউন্টিৰ আৰক্ষী কমাণ্ডাৰ পিটাৰ মুলিংগে সাংবাদিকৰ আগত কয় যে `গাড়ীখনত তিনিজন লোক আছিল। দুৰ্ঘটনাস্থলীতে কিপটাম আৰু তেওঁৰ প্ৰশিক্ষক দুয়োজনৰে মৃত্যু হয়। আন এজন ব্যক্তিক চিকিৎসালয়লৈ লৈ যোৱা হয়। কিপটাম ড্ৰাইভাৰৰ চিটত বহি আছিল। বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে। এগৰাকী মহিলা যাত্ৰীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয়।‘

বিশ্ব এথলেটিকছৰ সভাপতি চেবাষ্টিয়ান ক’ৱে কিপটামৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি তেওঁক ‘শেহতীয়া সময়ত ৰোড ৰানিঙৰ অন্যতম ৰোমাঞ্চকৰ নতুন আগমন’ বুলি অভিহিত কৰে। তেওঁ কয়, `বিশ্ব এথলেটিকছৰ তৰফৰ পৰা নিহত দুজনৰে পৰিয়াল, আত্মীয় স্বজন, বন্ধু-সতীৰ্থ তথা কেনিয়াৰ জনসাধাৰণলৈ আমাৰ গভীৰ সমবেদনা জনা লোঁ। কিপটাম আছিল এজন অবিশ্বাস্য খেলুৱৈ। আমি তেওঁক বহুত মিছ কৰিম।’

উল্লেখ্য যে ১০ বছৰ আগলৈকে কিপটামে পথাৰত ছাগলী আৰু ভেড়া চৰাইছিল। ইয়াৰ পিছতে তেওঁ ৰুৱাণ্ডাৰ প্ৰশিক্ষক হাকিজিমানাৰ তত্ত্বাৱধানত দীৰ্ঘ দূৰত্বৰ দৌৰৰ প্ৰতি মনোযোগ দিয়ে। ২০১৯ চনত কিপটামে দুসপ্তাহত দুটা হাফ মাৰাথন দৌৰিছিল, কোপেনহেগেনত ৬০ মিনিট ৪৮ ছেকেণ্ড, তাৰ পিছত ফ্ৰান্সৰ বেলফৰ্টত ৫৯ মিনিট ৫৩ ছেকেণ্ড দৌৰিছিল।

লগতে পঢ়কঃ ভাৰতৰ কূটনৈতিক জয়! কাটাৰে মুক্তি দিলে ৮ ভাৰতীয় প্ৰাক্তন নৌসেনাৰ বিষয়াক

কিপটামৰ পূৰ্বে আন দুগৰাকী কেনিয়াৰ খেলুৱৈয়ে কম বয়সতে পৃথিৱীৰ পৰা বিদায় লৈছিল। ২০০৮ চনৰ বেইজিং অলিম্পিকত পদক লাভ কৰা চেমুৱেল ৱানজিৰুৰ মূৰত কোনো অজ্ঞাত বস্তুৰ খুন্দাত তিনি বছৰ পূৰ্বে মৃত্যু হৈছিল। আৰু ২০২১ চনত ২৫ বছৰীয়া দীৰ্ঘ দূৰত্বৰ দৌৰবিদ এগনেছ টিৰপৰ ঘৰত ছুৰীকাঘাতত মৃত্যু হয়। এই ঘটনাত যোৱা নৱেম্বৰ মাহত তেওঁৰ স্বামীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন হৈছিল।