NORTHEAST NOW (Assamese)

লিডুৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অমৰজ্যোতি বাইলুঙক সাংবাদিক সংস্থাৰ বিদায় সম্বৰ্ধনা

March 9, 2019 4:32 pm · মানস প্ৰতিম গগৈ

তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অমৰজ্যোতি বাইলুঙক শুকুৰবাৰে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই বিদায় সম্বৰ্ধনা জনায়। পদোন্নতিসহ গুৱাহাটী লৈ বদলি হোৱা আৰক্ষী বিষয়া গৰাকীয়ে প্ৰায় দুই বছৰে লিডু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিযয়া ৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল।

সংস্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে আঁঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানটোত বাইলুঙক এখন সম্বৰ্ধনাপত্ৰ, গামোচা, সফুৰা, ফুলৰ থোপাৰে প্ৰশান্ত চেতিয়া, ফাইজুৰ ৰহমান, তপন দে, মানস প্ৰতিম গগৈ আৰু শ্যামল নেওগে সম্বৰ্ধনা জ্ঞাপন কৰে।

মাৰ্ঘেৰিটা সাংবাদিক সন্থাই মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ দৰে বিভিন্ন জাতি-জনগোষ্ঠীৰ সংমিশ্ৰিত অঞ্চলত সাংবাদিক, জনসাধাৰণ আদি সকলোৰে সৈতে সৌহাৰ্দ্য সম্পৰ্ক ৰক্ষাৰে নিজ দ্বায়িত্ব পালন কৰাৰ বাবে আৰক্ষী বিষয়া গৰাকীৰ শলাগ লয়।

আৰক্ষী বিষয়া গৰাকীয়ে নিজ বক্তব্যত সমাজৰ স্বাৰ্থত সাংবাদিক আৰু আৰক্ষীৰ সৌহাৰ্দ্য সম্পৰ্ক ৰক্ষাৰ কথা দোহাৰে আৰু তেওঁ লিডু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপে কাৰ্যনিৰ্বাহ কৰাৰ সকলো স্তৰৰ ব্যক্তিৰ পৰা লাভ কৰা সহযোগিতাৰ কথা নিজ বক্তব্যত প্ৰকাশ কৰে।

Related News