সমগ্র বিশ্বৰ লগতে বোকাখাততো ৮ মাৰ্চৰ দিনটোক আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়। এই উপলক্ষে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ কেন্দ্ৰীয় মহিলা কোষে বোকাখাত নাট্য মন্দিৰত কেন্দ্ৰীয় ভিত্তিত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা নাৰী দিৱসৰ কালি সামৰণি পৰে।
শুকুৰবাৰে অনুষ্ঠিত মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি জে ডি এছ জি মহাবিদ্যালয়ৰ প্ৰৱক্তা ড০ ৰুবী বৰাই কয়, ‘প্ৰকৃততে প্ৰতিটো দিনেই আমাৰ দিন। নাৰীৰ দিন। কলাত্মকভাৱে প্ৰতিটো দিনেই উদযাপন কৰিব লাগে। অৱলা দুৰ্বলা বুলি আমাক আশাহত কৰা সকলৰ ভিতৰত বেচি ভাগেই মহিলা। প্ৰকৃততে পুৰুষ মহিলা দুয়ো ইজন সিজনৰ সহায় আৰু সাহস।’
প্ৰাথমিক শিক্ষক সন্মিলনীৰ মহিলা কোষৰ ৰাজ্যিক সভানেত্ৰী ৰুনুমী বৰগোহাঞিৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক নিজৰা বৰঠাকুৰে।
এই উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ উন্মোচন কৰে কল্পনা চেতিয়া আৰু সূৱৰ্ণ শইকীয়া বৰদলৈয়ে। সভাত বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰে মিজোৰামৰ অখিল ভাৰত প্ৰাথমিক শিক্ষক সংঘৰ সম্পাদিকা এফ লাল ৰামলিয়ানী, প্ৰাক্তন উপ সম্পাদক জ্যোৎস্না ফুকন, মহিলা কোষৰ সমন্বয়ক মিত্ৰা দত্ত, গোলাঘাট জিলা পৰিষদৰ উপ সভানেত্ৰী ৰশ্মি কাকতী, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বৰ্মন টেৰণ, জ্যেষ্ঠ সাংবাদিক ভৱানন্দ কলিতা, ৰাজ্যিক সন্মিলনী আৰু মহিলা কোষৰ সমূহ কৰ্মকৰ্তাই।
জ্যেষ্ঠ সাংবাদিক বুবুল দত্তৰ সহযোগত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি জীৱন চন্দ্ৰ বৰাই আঁত ধৰা সভাত মুখ্য অতিথি হিচাবে অংশ লয় ৰাজ্যিক সন্মিলনীৰ সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে। আদৰণী ভাষণ প্ৰদান কৰে শংকৰ কৰ্মকাৰে।